সোমবাৰৰ পৰা সংবাদ মাধ্যম আৰু সমাজিক মাধ্যমত বৰষাৰাণী বিষয়াৰ ৰাজনীতিত ষোগদানক লৈ ব্যাপক চৰ্চাৰ মাজতে মংগলবাৰে অভিনেত্ৰী গৰাকীয়ে নিজা ফেচবুক একাউন্টৰ দ্বাৰা লাইভ যোগে এই সন্দৰ্ভত মত প্ৰদান কৰে।

অভিনেত্ৰী গৰাকীয়ে লাইভ যোগে কয় যে তেঁওৰ ব্যক্তিগত জীৱন আৰু পেছাগত জীৱনত বহুত কৰণীয় কাম আছে। বহু বছৰৰ পৰা যিহেতু অভিনয় আৰু ছবি ক্ষেত্ৰত জড়িত বাবে বহুত কাম কৰিবলৈ বাকী আছে বুলি শিল্পী গৰাকীয়ে কয়।

লগতে তেঁও জাতিক ভাল পোৱাৰ লগতে জাতিৰ বিপদৰ সময়ত সকলো ওলাই গ’লে বৰষাও ওলাই যাব বুলি লাইভৰ জৰিয়তে জানিবলৈ দিয়ে। কিন্তু বৰ্তমান ৰাজনীতিৰ কথা ভৱা নাই আৰু তেওঁৰ লগত কোনো আলোচনাও চলি থকা নাই বুলি বৰষাৰাণী বিষয়াই স্পষ্ট কৰি দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply