গুৱাহাটী : মুকলি আকাশৰ তললৈ আহিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁই। অৱশেষত জামিন লাভ কৰিলে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ কৰিলে।
বিতৰ্কিত কবিতা ফেচবুকত পোষ্ট কৰি কাৰাগাৰত বন্দী হৈ থকা মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে অৱশেষত জামিন লাভ কৰিলে। বৃহস্পতিবাৰে বর্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত এক শুনানী গ্ৰহণ কৰা হয়।
গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানীত বর্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ কৰে। বর্ষাশ্ৰী বুঢ়াগোহাঁইৰ অধিবক্তাৰ যুক্তি শুনাৰ পিছতে উচ্চ ন্যায়ালয়ে বর্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ কৰে।
লগতে পঢ়ক – Covid Bulletin : বুধবাৰে ৮৩০ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে
উল্লেখ্য যে ফেচবুকত বিতৰ্কিত কবিতা পোষ্ট কৰাৰ বাবে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত মেধাৱী ছাত্ৰী বর্ষাশ্ৰী বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰা হৈছিল। বিগত দুমাহ ধৰি গোলাঘাট জিলা কাৰাগাৰত কাৰাবন্দী হৈ থকা বৰ্ষাশ্ৰী বুঢ়াগোহাঁই জামিন কৰিছে।