নিউজ ডেস্ক- ফ্ৰান্সত বাষ্টিল দিৱসৰ কুচকাৱাজ আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে তাৰ মুখ্য অতিথি। প্ৰধানমন্ত্ৰী এলিজাবেথ বোৰ্ণ আৰু ফাৰ্ষ্ট লেডী ব্ৰিগিট মেক্ৰ’নে চেম্পছ এলচিত মোডীক আদৰণি জনাইছিল।
ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ২৬৯ জনীয়া সদস্যৰ এটা দলেও বাষ্টিল দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও ভাৰতীয় বায়ু সেনাৰ তিনিখন ৰাফেল যুঁজাৰু বিমানেও ফ্ৰান্সৰ যুঁজাৰু বিমানৰ সৈতে চেম্প এলচিছৰ ওপৰৰ ফ্লাইপাষ্টত যোগদান কৰিব।
আনহাতে, পেৰেডখনত ভাৰতীয় সেনাৰ ৭৭ মাৰ্চিং স্কোৱাড আৰু পঞ্জাৱ ৰেজিমেণ্টৰ বেণ্ডৰ ৩৮ জন সৈন্যও উপস্থিত থাকিব। সেনাদলটোক কেপ্টেইন অমন জগতাপে নেতৃত্ব দিব। ভাৰতীয় নৌসেনাৰ দলটোৰ নেতৃত্ব দিব কমাণ্ডাৰ ব্ৰত বাঘেলে। স্কোয়াড্ৰন লিডাৰ সিন্ধু ৰেড্ডীয়েফ্ৰান্সত ভাৰতীয় বায়ু সেনাৰ দলটোকো নেতৃত্ব দিব।