মানিকপুৰ : বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী ভস্মীভূত। প্ৰশাসনে জ্বলাই ভস্মীভূত কৰিলে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী। বঙাইগাঁও জিলা প্ৰশাসনে মানিকপুৰত বাৰ্মিজ চুপাৰী দাহ কৰে। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষীয়ে ২০২১ চনত জব্দ কৰা বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জ্বলাই বিনষ্ট কৰে।
২০২১ চনত কেচ নং ২৫১/২১ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯/৪১১/৪২০ ধাৰাৰ অধীনত ৰুজু হোৱা গোচৰৰ ভিত্তিত আদালতৰ নিৰ্দেশ মৰ্মে ১০৪ বেগ বাৰ্মিজ চুপাৰী জ্বলাই দিয়ে প্ৰশাসনে। জ্বলাই বিনষ্ট কৰা ১০৪ বেগ বাৰ্মিজ চুপাৰীৰ বজাৰ মূল্য প্ৰায় ২৫ লক্ষাধিক টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক – টীয়কৰ বামুনপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পাঠদান আই জি পি নিতুল গগৈৰ
আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, জিলা তথ্য আৰু জনসংযোগ বিষয়া, খাদ্য আৰু অসামৰিক যোগান বিষয়া আৰু মানিকপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, মানিকপুৰ আৰক্ষী বিষয়াই বাৰ্মিজ চুপাৰী জ্বলোৱা সময়ত উপস্থিত থাকে।