নিউজ ডেস্ক: আজি জনতা ভৱনত মুখ্যমন্ত্ৰী কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰংঘৰ প্ৰকল্পৰ চূড়ান্ত ৰূপ দিবলৈ বৈঠক আয়োজন কৰা হয়। বৈঠকখনত উপস্থিত থকা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰায় ১০০ শতাংশ প্ৰস্তাৱ মুখ্যমন্ত্ৰীয়ে মানি ল’লে বুলি ফেচবুক পোষ্টৰ জৰিয়তে জানিবলৈ দিয়ে।

বিধায়ক গগৈয়ে ফেচবুকত লিখে যে, “মোৰ বাবে আনন্দৰ দিন। শিৱসাগৰবাসীৰ বাবে আনন্দৰ দিন।ৰংঘৰ প্ৰকল্পৰ ডিজাইন চূড়ান্তকৰণৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভাপতিত্বত বহা বৈঠকত মোৰ প্ৰায় ১০০ শতাংশ প্ৰস্তাৱ মুখ্যমন্ত্ৰীয়ে মানি ল’লে। মোৰ শিৱসাগৰক লৈ থকা বহু সপোন আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত তুলি ধৰিলো আৰু মুখ্যমন্ত্ৰীয়ে বিষয়বোৰ বুজি আনুষ্ঠানিক স্বীকৃতি দিলে।বহু কামৰ আনুষ্ঠানিক প্ৰতিশ্ৰুতি লাভ কৰিলো। মই আজি বহুত সুখী”।

লগতে তেওঁ ফেচবুকত অন্য এটা পোষ্টৰ জৰিয়তে জানিবলৈ দিয়ে যে, শিৱসাগৰত অতি সোনকালে নিৰ্মাণ হ’ব এটা বিমান বন্দৰ। তেওঁ লিখে যে, “শিৱসাগৰত বিমান বন্দৰ নিৰ্মাণৰ মোৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানি লৈছে।এতিয়া কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। ডিচিক মাটি চাবলৈ নিৰ্দেশ”।

আনহাতে আজিৰ বৈঠকত ৰংঘৰ প্ৰকল্পৰ দৰে তলাতল ঘৰ প্ৰকল্পও হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উপস্থিত থকা বিধায়কসকলৰ আগত ঘোষণা কৰে বুলি অখিল গগৈয়ে জানিবলৈ দিয়ে।

ইফালে, “ৰংঘৰৰ পৰা তলাতল ঘৰলৈ বৃহৎ পথৰ কৰিড’ৰ মোৰ সপোন। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানি ল’লে। ৰংঘৰ-তলাতল ঘৰৰ মাজত নতুন পথ হ’ব, হেৰিটেজ ৱাক হ’ব। অথবা হ’ব ৰ’প ৱে। সভাৰ সিদ্ধান্ত”, বিধায়ক অখিল গগৈয়ে লিখে।

উল্লেখ্য যে, ঐতিহ্যস্থলী শিৱসাগৰ নগৰৰ সকলো পথ বহল- আহল কৰি পৰ্যটকৰ আগত অসমীয়াৰ সন্মান বৃদ্ধি কৰিবলৈও আজিৰ বৈঠকত মুখ্যমন্ত্ৰীক অনুৰোধ জনাই বুলি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

আজিৰ এই বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্তু বিশ্ব শৰ্মা আৰু অখিল গগৈৰ লগতে যোৰহাটৰ সাংসদ তপন গগৈ, বিধায়ক় দেৱব্ৰত শইকীয়া, যোগেন মহন, প্ৰদীপ হাজৰিকা, সুশান্ত বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰ, শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী ডা০ ৰণোজ পেগু, মুখ্যমন্ত্ৰীৰ উপদেষ্টা পৱিত্ৰ মাৰ্ঘেৰিটা আৰু সংশ্লিষ্ট বিষয়াবৰ্গ উপস্থিত আছিল।

লগতে পঢ়ক – মণিপুৰৰ ইম্ফলত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকলৰ ‘চিন্তন শিবিৰ’ ত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply