নিউজ ডেস্কঃ ওম ৰাউতৰ পৰিচালনাৰে নিৰ্মিত ছবি ‘আদিপুৰুষ’ৰ মুক্তিৰ পূৰ্বেই এক বৃহৎ অংশ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ছবিখনত দক্ষিণৰ চুপাৰষ্টাৰ প্ৰভাসে ভগৱান ৰামৰ চৰিত্ৰত, কৃতি চাননক মাতা সীতাৰ চৰিত্ৰত আৰু চেইফ আলী খানক ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। বিগত বছৰৰ ২ অক্টোবৰত ছবিখনৰ টিজাৰৰ মুক্তিৰ পিছতেই বিতৰ্কত সোমাই পৰিছিল। টিজাৰত ব্যৱহাৰ হোৱা ভিএফএক্স আৰু চৰিত্ৰবোৰৰ চেহেৰাৰ বাবে ব্যাপকভাৱে ট্ৰ’ল কৰা হৈছিল। যাৰ বাবে পিছত টি-চিৰিজ আৰু চলচ্চিত্ৰখনৰ পৰিচালকে ইয়াৰ মুক্তিৰ তাৰিখ পিছুৱাৰ সিদ্ধান্ত লয়।
পিছে এতিয়া আদিপুৰুষৰ মুক্তিৰ বাবে দুই সপ্তাহতকৈও কম সময় বাকী থকা অৱস্থাত, এই ডাঙৰ বাজেটৰ ছবিখনৰ বিষয়ে এটা ভাল খবৰ আছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, মুক্তিৰ আগতে অদিপুৰুষে ব্যয়ৰ এক বৃহৎ অংশ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
বলীউড হাঙ্গামাৰ এক প্ৰতিবেদন অনুসৰি, ১৬ জুনত ছবিগৃহত মুক্তিৰ পূৰ্বে ‘আদিপুৰুষ’য়ে ইয়াৰ বাজেটৰ প্ৰায় ৮৫ শতাংশ পুনৰুদ্ধাৰ কৰিছে। বাতৰি অনুসৰি, প্ৰভাস, কৃতি চানন আৰু চেইফ আলী খান অভিনীত ছবিখন মুক্তিৰ আগতীয়াকৈ যথেষ্ট সফল হৈছে। ই ইয়াৰ ৫০০ কোটি টকাৰ বাজেটৰ ভিতৰত ৪৩২ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
এতিয়া প্ৰশ্ন টো হ’ল মুক্তিৰ আগতে অদিপুৰুষে কেনেকৈ এই উপাৰ্জন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে? হিন্দু মহাকাব্য ৰামায়ণৰ ওপৰত আধাৰিত ওম ৰাউতৰ দ্বাৰা পৰিচালিত এই ছবিখনে সংগীতঅধিকাৰ আৰু অন্যান্য অধিকাৰকে ধৰি ডিজিটেল অধিকাৰ বিক্ৰী কৰি ৪৩২ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
প্ৰভাস, কৃতি চানন আৰু চেইফ আলী খানৰ পৌৰাণিক চলচ্চিত্ৰখনে কেৱল দক্ষিণৰ পৰাই ১৮৫ কোটি টকা উপাৰ্জন কৰিছে। এই সংখ্যাবোৰ মনত ৰাখি, টি-চিৰিজৰ আহিবলগীয়া ছবিখনে পৰ্দাত অহাৰ আগতে ইতিমধ্যে ৪৩২ কোটি টকা সংগ্ৰহ কৰিছে, যি ইয়াৰ ৫০০ কোটি টকাৰ বাজেটৰ ৮৬.৪%।
লগতে পঢ়ক – বালাছোৰৰ ৰে’ল দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ যাব প্ৰধানমন্ত্ৰী