গুৱাহাটী- গৰমৰ দিনত নেমুৰ ব্যৱহাৰ কৰা প্ৰচুৰ পৰিমাণে দেখা যায়। নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন C থাকে। যিয়ে আপোনাৰ দেহৰ বহু সমস্যা দূৰ কৰে। নেমুপানীত C ভিটামিন, কার্বহাইড্রেট আৰু মিনাৰেল থাকে। নেমু পানীৰ পৰা লাভ কৰা স্বাস্থ্যৰ উপকাৰিতা সমূহৰ বিষয়ে জানো আহক-

১/ নেমুৰ পানীয়ে ওজন হ্ৰাস কৰাত সহায় কৰে। নেমুৰ পানীয়ে শৰীৰৰ বৰ্ধিত হ্ৰাসতো সহায় কৰে। মেদবহুলতা হ্ৰাস কৰিবলৈ খালী পেটত প্ৰতিদিনে পুৱা গৰম পানীত নেমু ৰস মিহলি কৰি খাব লাগে।

২/ নেমুৰ পানীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। নেমুৰ পানীত প্ৰচুৰ পৰিমাণে ভিটামিন C থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰি।

৩/ নেমুৰ পানীয়ে ডায়েবেটিছ নিয়ন্ত্রণতো সহায় কৰে। নেমুৰ পানীয়ে ডায়েবেটিছৰ ফলত হোৱা সমস্যা সমূহ হ্ৰাস কৰে। ইয়াৰ ফলত তেজৰ চেনিৰ পৰিমাণ হ্ৰাস পাব পাৰে।

৪/ নেমুৰ পানী ছালৰ বাবে অতি উপকাৰী। ছালৰ লগত জড়িত সমস্যাৰ পৰা সমাধান পাবলৈ কুহুমীয়া পানীৰে নেমু চৰবত তৈয়াৰ কৰি খাব লাগে। ই আপোনাক ছালৰ সৈতে জড়িত সকলো সমস্যাৰ পৰা সমাধানত সহায় কৰিব পাৰে।

৫/ নেমুৰ পানীয়ে ৰক্তচাপ হ্ৰাস কৰে। নেমুৰ পানী খালে শৰীৰৰ ৰক্তচাপ কমাব পাৰি। নেমুত থকা কেলচিয়াম আৰু পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply