নিউজ ডেস্ক: অসমৰ তীর্থযাত্রীসকলৰ বাবে ভাল খবৰ লৈ আহিছে উত্তৰ-পূব সীমান্ত ৰেলৱেই। বহিঃৰাজ্যৰ তীৰ্থস্থান দর্শন কৰিবলৈ বিচৰা তীর্থযাত্ৰীসকলৰ বাবে আৰ চি টি চি আৰু উত্তৰ-পূব সীমান্ত ৰেলৱেই বিশেষ ৰেলৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ লৈছে।
আই আৰ চি টি চিৰ আঞ্চলিক মুৰব্বী আৰ এন ৰণমুঙে বৃহস্পতিবাৰে এক সংবাদ মেল সম্বোধন কৰি জনাই যে, অহা ২৭ মে’ত অসমৰ পৰা বহিঃৰাজ্যৰ তীৰ্থস্থান দর্শন কৰিবলৈ এক ৰে’লৰ ব্যৱস্থা আৰম্ভ কৰা হ’ব। এক ভাৰত শ্ৰেষ্ঠ ভাৰত আঁচনিৰ অধীনতেই উত্তৰ-পূব সীমান্ত ৰে’লৱেই আৰম্ভ কৰিব লৈছে এই ভাৰত গৌৰৱ পৰ্যটক ৰে’ল সেৱা।
লগতে তেওঁ কয়, এই ৰে’ল সেৱাৰ জৰিয়তে তীর্থযাত্রীসকলে অযোধ্য শ্রীমালা বৈষ্ণো দেৱী, প্রয়াগৰাজ, বাৰাণসী আদি স্থানসমূহ দৰ্শন কৰিব পাৰিব। ১১ দিনৰ বাবে ডিব্ৰুগড় পৰা আৰম্ভ কৰিবলগীয়া এই বিশেষ ৰে’লখন যাত্ৰাত যাত্রীসকলে ডিব্ৰুগড়, শিমলুগুৰি, মৰিয়নী, ডিমাপুৰ, লামডিং, গুৱাহাটী, ৰঙিয়া, নিউবঙাইগাঁও, নিউ কোচবিহাৰ, নিউ জলপাইগুৰি, কাটিহাৰ, বাউনী, হাজীপুৰ আৰু সোণাপুৰ ৰেল ষ্টেচনত উঠা-নমা কৰিব পাৰিব।
মন কৰিবলীয়া যে, ১৪ টা দবাৰ এই বিশেষ ৰে’লখনৰ যাত্ৰা কৰিবলৈ প্ৰতিজন যাত্ৰীয়ে শয়ন শ্ৰেণীৰ বাবে ২০,৮৫০ টকা আৰু শীতাতপ নিয়ন্ত্ৰিত শ্ৰেণীৰ বাবে ৩১,১৩৫ টকাকৈ টিকটৰ মূল্য নিৰ্ধাৰণ কৰি দিয়া হৈছে। উল্লেখিত টিকটৰ মূল্যতেই হোটেলত থকা, খোৱা-বোৱা আৰু চিকিৎসা সেৱা সংলগ্ন কৰা হৈছে।
ৰে’লৰ ভিতৰতো খোৱাপানী আৰু আহাৰ যোগান ধৰা হ’ব। পৰিচ্ছন্ন শৌচাগাৰ-প্ৰস্ৰাৱাগাৰৰ উপৰি এই ৰে’লত যাত্ৰীসকলৰ নিৰাপত্তাৰ দিশটোলৈ দৃষ্টি ৰাখি নিৰাপত্তাৰক্ষীৰো ব্যৱস্থা কৰা হ’ব। লগতে, যাত্ৰীৰ বাবে পাঁচ লাখ টকাৰ জীৱন বীমাৰ ব্যৱস্থা কৰা হৈছে বুলিও আই আৰ চি টি চিৰ বিষয়াজনে কয়।
উল্লেখ্য যে, তীৰ্থযাত্ৰী সকলে অতি কম খৰচতেই কাটৱাৰ মা বৈষ্ণে দেৱী মন্দিৰৰ পৰা আৰম্ভ কৰি অযোধ্যাৰ ৰাম জন্মভূমি, হনুমান গিৰি মন্দিৰ, প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগম আৰু বাৰাণসীৰ কাশীৰ বিশ্বনাথ মন্দিৰ দৰ্শন কৰিব পাৰিব। যাত্রীসকলে এই সেৱা গ্ৰহণৰ বাবে অনলাইনযোগে https://www.irctctourism.com/ যোগাযোগ কৰিব পাৰিব।
লগতে পঢ়ক – ডিব্ৰুগড়ৰ শিক্ষা বিষয়া কাৰ্যালয়ত ৩০ লাখ টকাৰ বিত্তীয় কেলংকাৰী, এজন লোকক গ্ৰেপ্তাৰ