নিউজ ডেস্ক: ৯ জুনত ভুৱনেশ্বৰৰ ভাঞ্চা কলা মণ্ডপত নৃত্য অনুষ্ঠান চলি থকাৰ সময়ত মঞ্চতেই মৃত্যুক আঁকোৱালি লয় ভাৰতনট্যম গুৰু শ্ৰী গণেশনে। মালয়েছিয়াৰ পৰা তেওঁ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ তিনিদিন পূৰ্বে ভুৱনেশ্বৰত উপস্থিত হৈছিল।
নৃত্যানুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে জগন্নাথ প্ৰভুৰ সন্মুখত চাকি জ্বলোৱাৰ বাবে মঞ্চত উঠিছিল ৬৩ বছৰীয়া নৃত্য গুৰুজন। জানিব পৰা মতে, সামৰণি অনুষ্ঠানত নৃত্যশিল্পীগৰাকীয়ে নৃত্য প্ৰদৰ্শন কৰে। কিন্তু কিছুসময় পিছত তেওঁ সেই মঞ্চতে ঢলি পৰে। ততাতৈয়াকৈ তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত উপস্থিত হোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হয়।
সদ্য প্ৰয়াত নৃত্যশিল্পীগৰাকীয়ে এই পৰ্যন্ত ৩৫০ খনতকৈও অধিক নৃত্য নাট পৰিচালনা কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান পৰিবেশন কৰিছে। শ্ৰী গণেশনে আজীৱন নৃত্যৰ সাধনা অব্যাহত ৰাখিছিল। গুৰু শ্ৰী গণেশনৰ হাৰ্ট এটেকৰ বাবে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পিছত অনুষ্ঠানত উপস্থিত নৃত্যশিল্পী তথা দৰ্শকসকল শোকস্তব্ধ হৈ পৰে।