দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ভূপেন্দ্ৰ পেটেলে

আজি একেলেথাৰিয়ে দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ভূপেন্দ্ৰ পেটেলে। গুজৰাটৰ ৰাজধানী গান্ধীনগৰৰ নতুন সচিবালয়ৰ নিকটৱৰ্তী হেলিপেড গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান।

৬০ বছৰীয়া বিজেপি নেতা গৰাকীক গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে নতুন মুখ্যমন্ত্ৰী হিচাপে শপতবাক্য পাঠ কৰাব।   

উল্লেখ্য যে, শনিবাৰে নৱ নিৰ্বাচিত বিধায়কসকলৰ বিধায়নী দলৰ বৈঠকত সকলোৰে সন্মতিক্ৰমে ভূপেন্দ্ৰ পেটেলক নেতা হিচাপে নিৰ্বাচিত কৰা হয়। গুজৰাটৰ ১৮ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব লগীয়া ভূপেন্দ্ৰ পেটেলৰ এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,  কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ তথা দলীয় আন শীৰ্ষ নেতাসকল। ইয়াৰোপৰি বিজেপি শাসিত ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকিব এই অনুষ্ঠানত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply