নিউজ ডেস্কঃ উত্তৰ বিহাৰক দক্ষিণ বিহাৰৰ সৈতে সংযোগ কৰাৰ বিহাৰ চৰকাৰৰ উচ্চাকাংক্ষী প্ৰকল্পৰ অধীনত আগুৱানী আৰু চুলতানগঞ্জৰ মাজৰ গংগা নদীৰ নিৰ্মাণ হৈ থকা দলং খন দেওবাৰে নদীত খহি পৰে। দেওবাৰে সন্ধিয়া ৬.১৫ বজাত চাৰি লেনৰ নিৰ্মাণ হৈ থকা দলংখন খহি যোৱাত চাৰিটা স্তম্ভও গংগা নদীত ডুব যায়। ঘটনাটোত এজন নিৰাপত্তাৰক্ষী সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে।
প্ৰায় ১৯২ মিটাৰ পৰ্যন্ত দলংখনৰ অংশ নদীত খহি গৈ ডুব গৈছে। দুৰ্ঘটনাটোৰ সময়ত শ্ৰমিকসকল প্ৰায় ভাগ্যক্ৰমে ৫০০ মিটাৰ দূৰত কাম কৰি আছিল।
মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পথ নিৰ্মাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব প্ৰত্যয় অমৃতৰ পৰা ঘটনাটোৰ বিৱৰণ বিচাৰে। দলংখনৰ চুপাৰ গাঁথনি খহি পৰাৰ বিষয়ে এক বিতং তদন্ত কৰাৰ লগতে অপৰাধীসকলক চিনাক্ত কৰিবলৈ আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।
জানিব পৰা অনুসৰি, দলংখনৰ কিছু অংশ যোৱা বছৰো খহি পৰিছিল। এছ পি চিংলা কোম্পানীৰ দ্বাৰা নিৰ্মাণ কৰি থকা হৈছিল। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ২০১৪ চনত দলংখনৰ আধাৰশিলা স্থাপন কৰা দলংখনৰ নিৰ্মাণ কাৰ্য ২০১৫ চনৰ পৰা চলি আছে। ১,৭১০.৭৭ কোটি টকা ব্যয়ৰে নিৰ্মিত দলংখনৰ দৈঘ্য ৩.১৬ কিলোমিটাৰ।
লগতে পঢ়ক – ‘জলজীৱন মিছন’ৰ শেহতীয়া স্থিতি সম্পৰ্কে ধেমাজিত জয়ন্ত মল্ল বৰুৱাৰ পৰ্যালোচনা বৈঠক