নিউজ ডেস্ক: আটক কৰা হৈছে বীৰ লাচিত সেনাৰ প্ৰশাসনীয় সচিব শৃংখল চলিহাক। অংকুশ কেডিয়াৰ নামৰ শিৱসাগৰৰ এজন অনা-অসমীয়া ব্যৱসায়ীৰ মুখত থুওৱা বুলি অভিযোগ উত্থাপন হৈছে শৃংখল চলিহাৰ বিৰুদ্ধে ।

এই ঘটনা সংঘটিত হৈছিল ২৮ এপ্ৰিলত। চলিহাই বিহুৰ চান্দাৰ উপৰি আছুতীয়াকৈ টেক্স নিদিয়াৰ বাবে ব্যৱসায়ী গৰাকীৰ মুখত থুৱাইছিল। এই সমগ্ৰ দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত।

ঘটনাৰ সংক্ৰান্তত ব্যৱসায়ী অংকুশ কেডিয়াই আৰক্ষীৰ ওচৰত দাখিল কৰিছিল এজাহাৰ। এজাহাৰৰ ভিত্তিত আজি পুৱা বাসগৃহ পৰা আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ নেতাগৰাকীক।

উল্লেখ্য যে , শিৱসাগৰ ডিএচপি (DSP) ডেইজী গগৈৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে পুৱা আটক কৰে শৃংখল চলিহাক।

লগতে ডিজিপি (DGP) জি পি সিঙে টুইটৰ যোগে জনায় যে, “সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ বাবে চান্দাৰ নামত শিৱসাগৰত ধন দাবী কৰা অভিযুক্ত শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰি আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ বাবে বলপূৰ্বক ধন সংগ্ৰহ সম্পৰ্কীয় নিৰ্দেশনা চৰকাৰে জাৰী কৰা পাছতো এনে কাৰ্যৰ কৰাৰ বাবে ইয়াক কঠোৰভাৱে কাৰ্যকৰী কৰা হ’ব।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply