বটদ্ৰৱা : বটদ্ৰৱা কাণ্ডৰ লগত জড়িত আটাইকে কঠোৰতম শাস্তি প্ৰদানৰ দাবী শৃংখল চলিহাৰ। ইয়াত কোনো জেহাদীৰ স্থান নাই, ইয়াত কোনো মৌলাবাদৰ স্থান নাই বুলি মন্তব্য শৃংখল চলিহাৰ। বিধায়ক আমিনুল ইছলামক নিয়াৰ দ্বাৰা তদন্তৰ দাবী জনায় শৃংখল চলিহাই।

বৃহস্পতিবাৰে বটদ্ৰৱা থানাত উপস্থিত হয় বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। বীৰ লাচিত সেনাৰ নেতা গৰাকীয়ে একাংশ ৰাজনৈতিক নেতাই বটদ্ৰৱা কাণ্ডক লৈ বিতৰ্কিত মন্তব্যক কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বীৰ লাচিত সেনাৰ নেতা গৰাকীয়ে ধিং সমষ্টিৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে মৃত চফিকুল ইছলামৰ পৰিয়ালক একলাখ টকা দিয়াতকৈ বটদ্ৰৱা থানাত একলাখ টকা দিব লাগিছিল বুলি মন্তব্য কৰে।

আমিনুল ইছলাম জেহাদীৰ লগত সম্পৰ্ক থকাৰো গুৰুত্বৰ অভিযোগ উত্থাপন কৰে শৃংখল চলিহাই। এআইইউডিএফ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক নিয়াৰ দ্বাৰা তদন্তৰো দাবী জনায় শৃংখল চলিহাই। ভবিষ্যতে যাতে এনে ধৰণৰ ঘটনা সংঘটিত নহয় ইয়াৰ বাবে চৰকাৰ আৰক্ষীক কঠোৰ হোৱাৰো আহ্বানত জনায় শৃংখল চলিহাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply