নিউজ ডেস্কঃ ভাৰতীয় জনতা পাৰ্টীয়ে মঙলবাৰে আগন্তুক কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে ১৮৯ জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। প্ৰথম তালিকাখনত মাত্ৰ ৮ গৰাকী মহিলাক প্ৰাৰ্থী প্ৰদান কৰিছে। উক্ত তালিকা খনত ৫২ গৰাকী নতুন প্ৰাৰ্থী নাম ঘোষণা কৰা হৈছে।

পিছে বিজেপিয়ে ৩৪ টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই অতি সোনকালে দ্বিতীয় খন প্ৰাৰ্থী তালিকাও ঘোষণা কৰিব বুলি কয়। মুখ্যমন্ত্ৰী বোম্মাই এইবাৰো শিগাওন সমষ্টি পৰাই প্ৰতিদ্বন্দিতা কৰিব বুলি জনাই।

ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাৰ পুত্ৰ বিজয়েন্দ্ৰই তেওঁৰ পিতৃৰ চিকাৰীপুৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

আনহাতে বিজেপিৰ মহাসচিব চিটি ৰবিয়ে তেওঁৰ পৰম্পৰাগত চিকমাগালুৰ আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। মন্ত্ৰী আৰ অশোকক দুখন আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। তেওঁ এখন কনকপুৰৰ পৰা ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰৰ বিৰুদ্ধে আৰু আনখন পদ্মনাভনগৰ আসনৰ প্ৰতিদ্বন্দিতা আগবঢ়াব।

একেদৰে মন্ত্ৰী ভি সোমান্নাইও দুখন আসনত নিজৰ ভাগ্য পৰীক্ষা কৰিব। তেওঁ বৰুণা আসনৰ পৰা কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব আৰু লগতে, বিজেপিয়ে তেওঁক চামৰাজনগৰৰ পৰা টিকটও দিছে।

ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী সুধাকৰ কে. ই চিক্কাবাল্লাপুৰ আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ লগতে মন্ত্ৰী ড০ অশ্বথনাৰায়ণে চিএনে মল্লেশ্বৰম আসনৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব।

কৰ্ণাটকৰ প্ৰভাৰী তথা কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা তালিকাখনত অ’বিচিৰ ৩২ জন, অনুসূচীত জাতিৰ ৩০ জন, এছ টিৰ পৰা ১৬ জন আৰু ৫ জন অধিবক্তাক টিকট প্ৰদান কৰিছে।

নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ নাম নিৰ্ণয় কৰিবলৈ দেওবাৰে দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। বিজেপিৰ শীৰ্ষ নেতৃত্বই উক্ত বৈঠক খনত উপস্থিত আছিল। অনুষ্ঠানটোত উপস্থিত থকা সকলৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বম্মাই, ৰাজনাথ সিং আৰু বিজেপিৰ মহাসচিব বি এল সন্তোষ উপস্থিত আছিল।

প্ৰাৰ্থীসকলৰ নাম নিৰ্ণয় কৰিবলৈ দেওবাৰে দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক

ইতিমধ্যে নিৰ্বাচনী আয়োগে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। এটা পৰ্যায়তে ১০ মে’ত ৰাজ্যখনৰ ভোটগ্ৰহণ কৰা হ’ব। ফলাফলসমূহ তথা ভোট গণনা ১৩ মে’ত কৰা হ’ব।  কৰ্ণাটকত এইবাৰ ৫.২১ কোটি ভোটাৰ আছে, যিয়ে ২২৪ খন বিধানসভা আসনৰ বাবে ভোট দান কৰিব। নিৰ্বাচনী আয়োগে জনোৱা অনুসৰি, যিসকলে ১ এপ্ৰিলত ১৮ বছৰীয়া হৈছে তেওঁলোকেও ভোট দিব পাৰিব।

লগতে পঢ়ক – শাক-পাচলিত কীটনাশক ধৰা পেলাবলৈ অসমত নাই কোনো ব্যৱস্থা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply