নিউজ ডেস্ক – ৮ নৱেম্বৰত অনুষ্ঠিত দেউৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা আৰু ফলাফল ঘোষণা কৰা হৈছে আজি। এই পৰ্যন্ত শাসকীয় দল বিজেপিয়ে মিশ্ৰিত ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। উল্লেখ্য যে ধেমাজি জিলাৰ পাঁচটা সমষ্টিৰ ভিতৰত বিজেপিয়ে এখন আসন পাবলৈ সক্ষম হয়। বাকী তিনিটা সমষ্টিত JPP দলে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে আৰু এখন আসন নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰে।

উল্লেখ্য যে ১০ নং চিচিবৰগাঁও সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী দেৱকান্ত দেউৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ ভৱানী দেউৰীক ১০০টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয় ৷ ১১ নং শ্ৰীপানী সমষ্টিত JPP প্ৰাৰ্থী বীনাপানী দেউৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ টুটুমনি দেউৰীক ১৬২ টা ভোটত পৰাস্ত কৰি বিজয়ী হয়। ১২ নং জোনাই দেউৰী স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচনৰ ফলাফল বিজেপি ৩৮৬, কংগ্ৰেছ ০২। জেপিপি (নিৰ্দলীয়) ৩৯২ আৰু বাতিল হৈছে- ২৫ টা ভোট।

ইফালে JPP দলে ৬ টা ভোটৰ ব্যৱধানত বিজয় হোৱাৰ পিছত JPP দলৰ সমৰ্থিত প্ৰাৰ্থী সকলৰ মাজত আনন্দৰ উলাহ দেখিবলৈ পোৱা গৈছে। ১৩ নং বৰদলনি সমষ্টিত JPP প্ৰাৰ্থী জিণ্টু চান দেউৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী অগপৰ চিদানন্দ দেউৰীক ৪৪টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয় লাভ কৰে ৷ ১৪ নং গোগামুখ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰাকেশ বৰদেউৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী ধমেন্দ্ৰ দেউৰীক ২৩টা ভোটত পৰাস্ত কৰি বিজয়ী হয় ৷

আনফালে, লখিমপুৰত ৭ টা সমষ্টিৰো ফলাফল ঘোষণা হৈছে। ২০ নং বঙালমৰা সমষ্টিত BJP ৰ প্ৰাৰ্থী প্ৰফুল্ল দেউৰী ১৫৪ টা ভোটৰ ব্যৱধানত বিজয়ী হৈছে। ২১ নং গাভৰু টুনীজান সমষ্টিৰ JPP ৰ মূৰব্বী মহেশ দেউৰী BJP ৰ প্ৰাৰ্থী ৰমা দেউৰীৰ হাতত ২৬ টা ভোটত পৰাস্ত হৈছে। ১৮ নং পিচলা সমষ্টি JPP ৰ ৰিংকুমনি দেউৰী বিজয়ী। ১৭ নং কাচিকটা সমষ্টিৰ JPP বীৰেন দেউৰী ৯৪ টা ব্যৱধানত বিজয়ী। ১৬ নং বাহগড়া সমষ্টিত AGP ৰ প্ৰাৰ্থী নন্দিতা দেউৰী ১৩৯ টা ব্যৱধানত বিজয়ী। ১৯ নং কিনাপথাৰ সমষ্টিত JPP প্ৰাৰ্থী বিজুমনি দেউৰী। ১৫ নং বৰদেউৰী সমষ্টিত BJP ৰ অমৃতপ্ৰভা দেউৰী ১৫৬ টা ভোটৰ ব্যৱধানত বিজয়ী হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply