নিউজ ডেস্ক: চাকৰিৰ প্ৰলোভনেৰে প্ৰৱঞ্চনা কৰা অভিযোগত বুধবাৰে আৰক্ষীৰ জালত পৰিছে কাৰ্বি আংলঙ বিজেপি নেত্ৰী। বহু যুৱক-যুৱতীক চাকৰি দিয়া প্ৰলোভনেৰে কোটি কোটি টকা সংগ্ৰহ কৰা অভিযোগত ডিফু আৰক্ষীয়ে মুন ইংতিপী আৰু ছিমিয়ন টেৰাঙক গ্ৰেপ্তাৰ কৰে।

কাৰ্বি আংলং জিলাৰ বিজেপিৰ কিষাণ মৰ্চাৰ সম্পাদিকা মুন ইংতিপীয়ে চাকৰিৰ প্রলোভনেৰে জিলাখনৰ বহু যুৱক-যুৱতীৰ পৰা সৰ্বমুঠ ৯.৫২ কোটি টকা আত্মসাৎ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে।

জানিব পৰামতে একাংশ ভুক্তভোগীৰ অভিযোগ অনুসৰি ৰুজু হোৱা গোচৰৰ ভিত্তিত দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰা হৈছে। চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰা নিবনুৱাক বিজেপিৰ নেত্ৰী হোৱাৰ বাবেই ওপৰ মহলৰ সৈতে ঘনিষ্ঠতা থকা বুলি প্ৰকাশ কৰি তেওঁ চাকৰি দিয়াৰ প্রলোভন দেখুৱাইছিল। এই প্রলোভনৰ জালত একাংশ নিবনুৱাই ভৰি দি প্ৰতাৰিত হয়। বহুসংখ্যক শীর্ষ নেতৃত্বৰ নাম লৈ মহিলাগৰাকীয়ে চাকৰি প্ৰত্যাশীসকলৰ পৰা ধন সংগ্ৰহ কৰিছিল বুলিও আৰক্ষীয়ে সদৰী কৰিছে।

তেওঁলোকৰ বিৰুদ্ধে আই পি চিৰ ৪০৬/৪২০/৩৪ ধাৰাত ডিফু থানাৰ গোচৰ নং ৫৬/২৩ৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে।

আজি ইয়াত ডিফু থানাত সংবাদ মাধ্যমক অৱগত কৰি ভাৰপ্ৰাপ্ত বিষয়া জে এছ খোবুঙে কয়, “যোৱা বুধবাৰে (২৪ মে’) মুন এংটিপি আৰু ছিমিয়ন টেৰাঙৰ বিৰুদ্ধে হাওৰাঘাটৰ সাধীন কিলিঙে তেওঁৰ পৰা ধন লোৱাৰ অভিযোগত এফ আই আৰ দাখিল কৰে।”

২০২০ চনৰ পৰা ২০২৩ চনলৈ দুয়োগৰাকীয়ে চৰকাৰী চাকৰিৰ বিনিময়ত প্ৰতিশ্ৰুতি দি বিভিন্ন ব্যক্তিৰ পৰা ধন সংগ্ৰহ কৰিছিল।

উল্লেখ্য যে মুন ইংতিপী আৰু ছিমিয়ন টেৰাঙক দুয়োকে আদালতলৈ প্ৰেৰণ কৰা হৈছে বুলি ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply