নিউজ ডেস্ক- ৰাজহুৱা সভা চলি থকা অৱস্থাত অনধিকাৰ প্ৰৱেশ কৰি অন কেমেৰা মহিলাক প্ৰহাৰ বিজেপি পালিনেতাৰ। খুমটাই সমষ্টিৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং খকন্দগুৰি গাঁৱৰ নাট্যমন্দিৰত অনুষ্ঠিত হৈ আছিল এখন ৰাজহুৱা সভা। এই সভাত উপস্থিত আছিল ডেৰ শতাধিক লোক।
আনহাতে, গাঁওখনত অৰুণোদয় আঁচনি বিজেপিকৰণ কৰাৰ অভিযোগ উঠিছিল। এই বিষয়ে সভা অনুষ্ঠিত হোৱাত ক্ষোভিত হৈ অভিযোগ উত্থাপন হোৱা পুলক ভড়ালী নামৰ বিজেপিৰ পালিনেতা গৰাকীয়ে হঠাত দলে-বলে উপস্থিত হয় এই সভাত।
তথ্য অনুসৰি, সভাপিতৰ টেবুলত ধকিয়াই সভা অনুষ্ঠিত কৰাত ক্ষোভ ব্যক্ত কৰে পুলক ভড়ালীয়ে। সভাত গুণ্ডাগিৰি কৰি অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ কৰাত ৰাইজে প্ৰশ্ন কৰাত হাত উঠাই এগৰাকী মহিলাৰ ওপৰত। এই প্ৰহাৰত মহিলাগৰাকীৰ চচমা ভাঙি পৰে৷ ইয়াৰ পিছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
অৱশেষত ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি পলাই যায় বিজেপি নেতাজন। খোদ বিজেপি ৱাৰ্ড সদস্যকে ধৰি বিজেপি কৰ্মীসকলে ধিক্কাৰ দিছে সমগ্ৰ ঘটনাক। ইতিমধ্যে পুলক ভড়ালীক সামাজিক বৰ্জনৰ সিদ্ধান্ত লৈছে ৰাইজে। তাৰোপৰি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া আৰু জিলা উপায়ুক্তক বিষয়টো অৱগত কৰাৰ লগতে আৰক্ষীৰ কাষ চাপিছে ৰাইজ।
আনহাতে, চৰকাৰী আঁচনিৰ বিসংগতিৰ সন্দৰ্ভত মাত মতাৰ বাবেই বিজেপি পালিনেতাই অন কেমেৰা কৰা গুণ্ডাগিৰিৰ ঘটনাক তীব্ৰ গৰিহনা দিছে সকলোৱে। সততেই নীতি-আদৰ্শৰ কথা কোৱা খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু বিজেপি দলে এই গুণ্ডা পালিনেতাৰ বিৰুদ্ধে কি ব্যৱস্থা ল’ব সেইয়াহে হ’ব লক্ষণীয়।