গুৱাহাটী : পবিত্ৰ ৰাখী পূৰ্ণিমা উপলক্ষে বিজেপি মহিলা মৰ্চাৰ বিশেষ কার্যসূচী। দিছপুৰ থানাত বিজেপি মহিলা মৰ্চাৰ ৰাখী উৎসৱ পালন। বৃহস্পতিবাৰে পুৱাৰ ভাগত দিছপুৰ থানাত উপস্থিত হৈ বিজেপিৰ মহিলা মৰ্চাৰ এটি দলে পালন কৰে ৰাখী উৎসৱ। দিছপুৰ থানাৰ আৰক্ষী বিষয়া আৰু জোৱান সকলক ৰাখী বান্ধে বিজেপিৰ মহিলা মৰ্চাৰ দলটিয়ে।

প্ৰথমে বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ লগতে বিজেপি মহিলা মৰ্চাৰ কেইবাগৰকী সদস্যই ৰাখী পিন্ধাই দিছপুৰ থানাৰ আৰক্ষী বিষয়া হিমাংশু প্ৰসাদ দাসক। ইয়াৰ পিছতে দিছপুৰ থানাৰ জোৱান সকলক ৰাখী বান্ধে আঙুৰলতা ডেকাৰ লগতে বিজেপিৰ মহিলা মৰ্চাৰ সদস্য সকলে।

লগতে পঢ়ক –  বুধবাৰে ৰাজ্যত ২১৪ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত

ৰাখী দিৱসৰ দিনটোত ভগ্নী সকলে নিজৰ সুৰক্ষাৰ বিচাৰি ভাতৃ সকলক ৰাখী বান্ধে। আৰক্ষী বিষয়া আৰু জোৱান সকলে দিনে নিশাই সৰ্বসাধাৰণ ৰাইজৰ সুৰক্ষাত নিয়োজিত হৈ থাকে বাবে বিজেপিৰ মহিলা মৰ্চাই আজিৰ দিনটোত ৰাজ্যজুৰি আৰক্ষী বিষয়া আৰু জোৱান সকলক ৰাখি বান্ধি ভাতৃ আৰু ভগ্নীৰ পবিত্ৰ উৎসাৱটো পালন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply