লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অস্তিত্বৰ সংকটত ভুগা অসম গণ পৰিষদলৈ আহিছে ভাল খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা অসম গণ পৰিষদৰ সাংগঠনিক ভেটিক লৈ সন্তুষ্ট নহ’লেও কেন্দ্ৰীয় নেতৃত্বৰ মন কুমলিছে অতুল-কেশৱলৈ। কাৰণ এটাই। লোকসভা প্ৰভাসৰ যোগেদি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজুৱে প্ৰস্তুত কৰা প্ৰতিবেদন আৰু উত্তৰ-পূৱৰ তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনী ফলাফল।

এনে পৰিস্থিতিত এখোপ ওপৰলৈ উঠিও থমকিব লগা হৈছে বিজেপি। লোকসভাৰ আগন্তুক নিৰ্বাচনত মিত্রদল অগপই প্রতিদ্বন্দ্বিতা কৰিবলগা আসনৰ সংখ্যা হ্ৰাস কৰাৰ লগতে কোকৰাঝাৰ সমষ্টিত মিত্ৰদলৰ প্ৰাৰ্থীয়ে বিজেপিৰ প্ৰতীকত প্রতিদ্বন্দ্বিতা কৰিব লাগিব বুলি বিজেপিৰ ৰাজ্যিক নেতৃত্বই এক প্ৰকাৰৰ ঘোষণাই কৰিছিল। অর্থাৎ একমাত্ৰ ধুবুৰী সমষ্টি অগপলৈ এৰি আন সমষ্টিকেইটাত বিজেপিয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব বুলি কেইদিনমান পূৰ্বে ৰাজ্যিক নেতৃত্বই পাকে-প্ৰকাৰে ঘোষণাই কৰিছিল। কিন্তু শেহতীয়াকৈ মেঘালয়, ত্ৰিপুৰা আৰু নগালেণ্ড বিধানসভা নিৰ্বাচনত বিজেপিৰ বিশেষ একো পৰিৱৰ্তন নোহোৱাত অসমৰ ক্ষেত্ৰতো ৰাজ্যিক নেতৃত্বই কিছু নৰম স্থিতি গ্ৰহণ কৰা বুলি জানিব পৰা হৈছে।

বিশেষকৈ অগপক এৰি দিব লগা আসনৰ সংখ্যা হ্ৰাস পাব বুলি আগতীয়াকৈ কৰি অহা ঘোষণাৰ পৰা ৰাজ্যিক নেতৃত্বই এতিয়া কিছু পৃথক স্থানত অৱস্থান কৰিছে। উল্লেখ্য বিজেপি নেতৃত্বৰ এই ঘোষণাৰ পিছতে অসম গণ পৰিষদৰ ভিতৰচ’ৰাত তীব্ৰ অন্তৰ্কলহে গা কৰি উঠিছিল। আনকি অতুল-কেশৱক নেতৃত্বৰ পৰা আঁতৰাই বিজেপিৰ সৈতে লোকসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা কৰাৰ পৰিকল্পনাও যুগুত কৰিছিল দলীয় কৰ্মীয়ে। ইতিমধ্যে বিজেপিৰ পৰা ৫ টা সমষ্টি বিচাৰিব বুলি দলৰ জ্যেষ্ঠ নেতা কুমাৰ দীপক দাসে ঘোষণাও কৰিছে।

প্ৰাক্তন লোকসভাৰ সাংসদ কুমাৰ দীপক দাসৰ সৈতে হোৱা ইষ্টম’জ’ অসমৰ আছুতীয়া বাৰ্তালাপত তেওঁ কয় যে ইতিমধ্যে ৰাজ্যৰ পাচটা লোকসভা সমষ্টিত অসম গণ পৰিষদৰ ভেটি অত্যন্ত শক্তিশালী আৰু সেই অনুৰূপে মিত্ৰদল বিজেপিৰ পৰা এই পাচটা সমষ্টি অসম গণ পৰিষদে বিচাৰিব।

অগপই প্রতিদ্বন্দ্বিতা কৰিবলগা আসনৰ সংখ্যা হ্রাস পাব বুলি বিজেপিৰ ৰাজ্যিক নেতৃত্বই মত প্ৰকাশ কৰাৰ পাছতেই অগপই নিজৰ স্থিতি শক্তিশালী কৰাত নামি পৰে। দলটোৱে যোৱাবাৰ প্রতিদ্বন্দ্বিতা আগবঢ়োৱা সমষ্টি তিনিটাৰ উপৰি এইবাৰ মঙলদৈ আৰু নগাঁও বিচাৰি দাবী উত্থাপন কৰা আৰম্ভ কৰে। কিন্তু অগপই উত্থাপন কৰা এই দাবীৰ বিৰোধিতা কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কোনো মন্তব্য কৰিব পৰা নাই৷ উল্লেখ্য যে শেহতীয়াকৈ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা উত্তৰ- পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যত আঞ্চলিক দলৰ ভেটিত বিজেপিয়ে বিশেষ আঘাত কৰিব নোৱাৰা বাবে এতিয়া অসমৰ ক্ষেত্ৰতো কৌশল সলনি কৰা আৰম্ভ কৰিছে। তাৰ অংশ হিচাপে অগপ সন্দৰ্ভত বিগত এক-ডেৰ সপ্তাহৰ ভিতৰত বিজেপিয়ে কোনোধৰণৰ মন্তব্য কৰা নাই।

ইফালে কলিয়াবৰ আৰু নগাঁৱত সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ চলিত মাহত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা অহাৰ কথা ৰাজ্যিক নেতৃত্বই ঘোষণা কৰিছিল যদিও সম্প্রতি এই ভ্ৰমণ স্থগিত ৰখাৰ খবৰ আহিছে। ঠিক সেইদৰে কোকৰাঝাৰত বিজেপিয়ে নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাত প্ৰাধান্য দিছিল আৰু বিজেপিৰ পৰিৱৰ্তে মিত্ৰ দলৰ প্রার্থী প্ৰক্ষেপ কৰিব লগা হ’লে বিজেপিৰ প্ৰতীক চিহ্নতেই প্রতিদ্বন্দ্বিতা আগবঢ়াব লাগিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে একপ্ৰকাৰ সকীয়াই দিছিল। কিন্তু নির্বাচন সন্দৰ্ভত ৰাজ্যিক নেতৃত্বই নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে কেন্দ্ৰীয় নেতৃত্বৰ ওপৰতহে সকলো নিৰ্ভৰ কৰিব বুলি এক শীর্ষ সূত্রই জানিবলৈ দিয়ে।

সূত্ৰটোৰ মতে, ৰাজ্যিক সভাপতিয়ে কোৱা ধৰণে ৰাষ্ট্ৰীয় সভাপতি অসমলৈ কেতিয়ালৈ আহিব বা আহিলেও নগাঁও বা কলিয়াবৰলৈ যাব নে নাই সেয়াও অস্পষ্ট। গতিকে এটা কথা স্পষ্ট যে চুবুৰীয়া ৰাজ্যকেইখনৰ নিৰ্বাচনত বিজেপিৰ বিশেষ উত্থান নোহোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ ক্ষেত্ৰতো দলটোৱে বাধ্য হৈ কৌশল কিছু সলনি কৰিছে। অলপতে বাজপেয়ী ভৱনত হৈ যোৱা বিজেপিৰ মুখ্য কৰ্ণধাৰ কমিটীৰ বৈঠকতো এই বিষয়ে প্ৰাধান্য লাভ কৰা বুলি জানিব পৰা গৈছে। এতিয়া অগপই দাবী কৰা অনুসৰি পাচখন আসন এৰি দিব নে মিত্ৰজোঁটত যতি পৰিব সেয়া সময়তহে লক্ষণীয় হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply