গুৱাহাটী : ভয়ংকৰ পথ দুর্ঘটনাত নিহত বিজেপিৰ যুৱ নেতা। তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত নিহত বিজেপিৰ যুৱ নেতাৰ। মহানগৰীৰ সাতগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুর্ঘটনা।
শনিবাৰে নিশাৰ ভাগত মহানগৰীৰ সাতগাঁৱত এক ভয়ংকৰ পথ দুর্ঘটনাত নিহত হয় বিজেপিৰ এজন যুৱ নেতা। নিহত বিজেপিৰ যুৱ নেতাজনৰ নাম ধুনুমণি বৰ্মন বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক – নতুন দিল্লীত ৰহস্যজনকভাৱে মৃত্যু অসমৰ যুৱতীৰ
ধুনুমণি বৰ্মন বিজেপিৰ যুৱ মৰ্চাৰ দিছপুৰ মণ্ডলৰ কোষাধ্যক্ষৰ পদত আছিল। নিশা নাৰেংগীৰ পাথৰকুৱেৰীত অনুষ্ঠিত দলীয় সভাত অংশ লৈ বাইকেৰে আহি থকা অৱস্থাত তীব্ৰ বেগী ডাম্পাৰে মহতিয়াই নিয়ে ধুনুমণি বৰ্মনক।