চীনত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিডৰ আতংক। অতি শীঘ্ৰেই ভাৰতলৈ ক’ভিডৰ সংক্ৰমণ হোৱাৰ আশংকা কেন্দ্ৰীয় চৰকাৰৰ। সতৰ্কবাণী দিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ “ভাৰত জোড়ো যাত্ৰা”লৈ। ক’ভিড প্ৰ’ট’কল উলংঘা কৰিলে ভাৰত জোড়ো যাত্ৰা হয়তো স্থগিত ৰখা হ’ব কেন্দ্ৰৰ নিৰ্দেশত।
কিন্তু একেই নিয়ম প্ৰযোজ্য নহয় নেকি শাসনাধিষ্ঠ দলৰ ক্ষেত্ৰত ?
উল্লেখ্য যে, আগন্তুক ২০২৩ বৰ্ষত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে জানুৱাৰী ৫ তাৰিখৰ পৰা ত্ৰিপুৰাত কেন্দ্ৰীয় শাসনাধিষ্ঠ দল বিজেপিয়ে অনুষ্ঠিত কৰিছে ৰথ যাত্ৰাৰ। উত্তৰ ত্ৰিপুৰাৰ ধৰমনগৰ জিলাৰ পৰা আৰম্ভ হ’বলগীয়া এই ৰথ যাত্ৰাত চামিল হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পতাকা উত্তোলনেৰে আৰম্ভ হ’ব লগীয়া এই যাত্ৰাৰ পিছতেই মন্ত্ৰীগৰাকীয়ে দক্ষিণ ত্ৰিপুৰাত এক শোভাযাত্ৰাটো অংশ গ্ৰহণ কৰিব। ইয়াৰ ওপৰিও ১২ জানুৱাৰীত ৰথযাত্ৰাৰ অন্তিমটো দিনত অংশ ল’ব জে পি নাড্ডাই।
এতিয়া প্ৰশ্ন হয়, ক’ভিডৰ নীতি নিয়ম সকলোৰে বাবে পৃথক নেকি? সাধাৰণ জনতা আৰু ৰাজনীতিবিদে কিয় পৃথক উপায়েৰে পালন কৰে প্ৰ’ট’কল? ভাৰতীয় সংবিধানে সকলোকে দিয়া সম-অধিকাৰ কেৱল কাগজে-পত্ৰইহে নেকি?