গুৱাহাটী : অসম আৰু ত্ৰিপুৰাৰ দৃষ্টিহীন ক্ৰিকেট দলৰ মাজত প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন। গুৱাহাটীৰ নুনমাটি শোধনাগাৰ খেলপথাৰত যোৱা ১৪ আৰু ১৫ মে’ত তিনিখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয় ।

প্ৰতিকূল বতৰৰ মাজতে প্ৰথমদিনা অনুষ্ঠিত ২০ অভাৰৰ এখন খেলত অসমে ১৮ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ত্ৰিপুৰাক জয়ৰ বাবে ১০০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত ত্ৰিপুৰাই ৮ অভাৰত ৭৮ ৰাণ কৰে। কিন্তু বেয়া বতৰৰ বাবে খেল স্থগিত ৰাখিবলগীয়া হয় ।

ত্ৰিপুৰাই ৮ অভাৰতে ৭৮ ৰাণ কৰাত দলটোক বিজয়ী ঘোষণা কৰা হয়। ত্ৰিপুৰাৰ সুকান্ত দেৱক মেন অব দ্য মেটচ ঘোষণা কৰা হয়। আনহাতে ১৫ মে’ত দুখন খেল অনুষ্ঠিত হয়। প্ৰথমখন খেলত নিৰ্ধাৰিত ৭ অভাৰত অসমে ত্ৰিপুৰাক ৪৪ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। খেলখনত ত্ৰিপুৰা বিজয়ী হয়। ত্ৰিপুৰাৰ সুশান্ত নামা মেন অব দ্য মেটচ হয়।

লগতে পঢ়ক –  ‘আন্তৰিক সংযোগ’ৰ ৱেবছাইট মুকলি

সেইদিনাৰ দ্বিতীয়খন খেলত ত্ৰিপুৰাই ৬ অভাৰত অসম দলক জয়ৰ বাবে ৪৩ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। খেলখনত অসমে ৬ উইকেটত বিজয় সাব্যস্ত কৰে। অসমৰ মঞ্জিত চৌধুৰী খেলখনত মেন অব দ্যা মেটচ হয়। লক্ষ্মীকান্ত মহন্ত আৰু তেওঁৰ পৰিয়ালে বিজয়ী দল আৰু বঁটা প্ৰাপকসকলক বঁটাসমূহ প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply