নিউজ ডেস্ক: টুইটাৰে বৃহস্পতিবাৰৰ (২০ এপ্ৰিল) নিশা ১২ বজাৰ পৰা ভেৰিফাইড একাউণ্ট সমূহৰ পৰা ব্লু টিকটো আঁতৰাই দিয়ে। টুইটাৰে তেনেবোৰ একাউণ্টৰ পৰাহে ব্লু টিকটো আঁতৰাইছে যিয়ে কোম্পানীটোৰ নতুন নিয়মৰ অধীনত ব্লু টিক প্লেনৰ বাবে সাবস্ক্ৰাইব (Subscribe) কৰা নাই। ইয়াৰে ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ক্ৰিকেটাৰ বিৰাট কোহলী, ৰোহিত শৰ্মা, অভিনেতা অমিতাভ বচ্চন, চলমান খান, শ্বাহৰুখ খান, অক্ষয় কুমাৰ আৰু পাপনৰ দৰে বহুতো নাম অন্তৰ্ভুক্ত আছে।




কোম্পানীটোৰ স্বত্বাধিকাৰী এলন মাস্কে ১২ এপ্ৰিলত এইকথা ঘোষণা কৰিছিল। তেওঁ টুইটাৰত লিখিছিল, ‘লিগেছি ব্লু টিক আঁতৰোৱাৰ তাৰিখ ৪/২০’।
উল্লেখযোগ্য যে, টুইটাৰৰ ব্লু টিকটো আগতে ৰাজনীতিবিদ, চেলিব্ৰিটি, সাংবাদিক আৰু অন্যান্য ৰাজহুৱা ব্যক্তিসকলৰ ভেৰিফাইড একাউণ্টৰ বাবে সংৰক্ষিত আছিল। কিন্তু ইলন মাস্কৰ টুইটাৰ অধিগ্ৰহণৰ পিছত ইয়াক ব্লু চাবস্ক্ৰিপশ্বন সেৱালৈ পৰিৱৰ্তন কৰিলে।


মাস্কে ২০২৩ চনৰ শেষৰ ফালে টুইটাৰক আৰ্থিকভাৱে শক্তিশালী কৰিব বিচাৰে। যাৰ বাবে মাস্কে এই সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতত এণ্ড্ৰইড আৰু আইঅএছ থকা ম’বাইল ব্যৱহাৰকাৰী সকলে নীলা চাবস্ক্ৰিপশ্বনৰ বাবে প্ৰতি মাহে ৯০০ টকাকৈ পৰিশোধ কৰিব লাগিব। ম’বাইল ব্যৱহাৰকাৰী সকলে যদি বাৰ্ষিক চাবস্ক্ৰিপশ্বন কৰে তেনেহ’লে ১০,৮০০ টকাৰ পৰিৱৰ্তে ১২ শতাংশ ৰেহাইত ৯,৪০০ টকাতেই ব্লু টিকটো লাভ কৰিব।
আনহাতে যিসকলে টুইটাৰ ব্যৱহাৰ ৱেব ছাইটৰ জৰিয়তে কৰে তেওঁলোকে মাহিলী ৬৫০ টকাতেই ব্লু টিকটো লাভ কৰিব। ৱেব ছাইটত টুইটাৰ ব্যৱহাৰকাৰী সকলেও বাৰ্ষিক চাবস্ক্ৰিপশ্বন কৰিলেও ৭,৮০০ টকাৰ পৰিৱৰ্তে ১২ শতাংশ ৰেহাইত ৬,৮০০ টকাতেই ব্লু টিকটো লাভ কৰিব।
ব্যৱহাৰকাৰীয়ে কি কি সুবিধা লাভ কৰিব ব্লু টিক চাবস্ক্ৰিপশ্বন কৰিলে?
মাস্কে এই নতুন নিয়ম সংযোজন কৰাৰ পিছত কিছু সুবিধাও প্ৰদান কৰিছে ব্যৱহাৰকাৰীলৈ,
চাবস্ক্ৰিপশ্বন কৰিলে টুইটাৰ ব্যৱহাৰকাৰী সকলে বিজ্ঞাপন দেখা নাপাব, লিখি টুইট কৰিলে আখৰবোৰ বোল্ড আৰু ইটালিকো কৰিব পাৰিব, দীঘলীয়া আৰু ১০৮০পি ভিডিঅ’ আপলোড কৰিব পাৰিব আৰু আপলোড হোৱা টুইটবোৰ ৩০ মিনিটৰ ভিতৰত ৫ বাৰ পুনৰ Edit কৰিব পাৰিব। লগতে দিয়া হৈছে আৰু বহুকেইটা সুবিধা।
টুইটাৰ ব্যৱহাৰকাৰী সকলে বৰ্তমান কেৱল ২৮০ টা শব্দ ব্যৱহাৰ কৰিব পাৰে যিকোনো টুইট কৰাৰ সময়ত। কিন্তু এতিয়া যিসকলে চাবস্ক্ৰিপশ্বন কৰিব তেওঁলোকে টুইট বা ৰিপ্লাই আদি কৰিলে ১০,০০০ শব্দ ব্যৱহাৰ কৰিব পাৰিব।
আনহাতে কোম্পানীটোৱে ব্লু টিকৰ বাহিৰেও নতুনকৈ দুটা ৰঙৰ ভেৰিফাইড টিকৰো টুইটাৰ ব্যৱহাৰী সকলৰ বাবে আনিছে। ব্যৱসায়িক টুইটাৰ একাউণ্টৰ বাবে গোল্ডেন টিক আৰু চৰকাৰী অথবা মাল্টিলেটৰেল একাউণ্টৰ বাবে গ্ৰে টিকটো নতুনকৈ সংযোজন কৰিছে।

টুইটাৰক চাবস্ক্ৰিপশ্বন মোডলৈ সলনি কৰা ৩ টা কাৰণ,
টুইটাৰে বৰ্তমান প্ৰায় প্ৰতিদিনে ৩২ কোটি টকাৰ লোকচান সন্মুখন হ’ব লগা হৈছে। যাৰ বাবে চাবস্ক্ৰিপশ্বন মোডৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে ৰাজহ বৃদ্ধি কৰি স্থিৰতা আনিব বিচাৰে।
ইলন মাস্কে টুইটাৰক ৪৪ মিলিয়ন ডলাৰে ক্ৰয় কৰিছে। যিটো তেওঁ অতি সোনকালে আহৰণ কৰিব বিচাৰিছে।
লগতে, টুইটাৰ প্ৰতিষ্ঠানৰ ওপৰত আছে বৃহৎ পৰিমাণৰ ঋণৰ বোজা আছে। যিটো প্ৰতিষ্ঠানটোৱে বিজ্ঞাপনদাতাৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিব নোৱাৰে।
লগতে পঢ়ক – অমিত শ্বাহৰ উপস্থিতিত দিল্লীত অসম-অৰুণাচলৰ সীমা বিবাদৰ চুক্তিত স্বাক্ষৰ