বৰপেটা : বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ অন্তৰ্গত কৈমাৰীত বেঁকী নদীত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। কৈমাৰী চৰ উন্নয়ন এনজিঅ’ৰ উদ্যোগত লোক সংস্কৃতিৰ এক বিশেষ অনুষ্ঠান “নাও খেল” প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

উল্লেখ্য যে, বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মুঠ বাৰটাকৈ বৃহৎ নাৱে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে। উক্ত প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ, গোবিন্দপুৰ গাঁও পঞ্চায়তৰ সভাপতি জাফৰ আলী, বৰপেটা জিলাৰ প্ৰাক্তন সভাপতি মজিবৰ ৰহমান খান আদি কৰি ভালে সংখ্যক ব্যক্তি।

লগতে পঢ়ক – গুৱাহাটী ৰে’ল ষ্টেচনত পুনৰ জব্দ মৰ্ফিন আৰু বিদেশী চিগাৰেট

প্ৰতিযোগিতাখনত মা তুঝে ছালাম নামৰ নাওখনে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।নাওখেল প্ৰতিযোগিতাখন প্ৰত্যক্ষ কৰি উপস্থিত ৰাইজ উৎফুল্লিত হৈ পৰে। উল্লেখ্য যে, প্ৰায় কুড়ি হেজাৰ ৰাইজে শান্তিপূৰ্ণভাৱে নাও খেলখন প্ৰতিযোগিতা উপভোগ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply