মানকাচৰ : অসম-মেঘালয় সীমান্তত নাও খেল প্ৰতিযোগিতা। স্বাধীনতা দিৱস উপলক্ষে মানকাচৰৰ অসম-মেঘালয় সীমান্তত নাও খেল প্ৰতিযোগিতা। দুয়োখন ৰাজ্যৰ কেইবাখনো নাৱৰ অংশগ্ৰহণ। বৃহস্পতিবাৰে দুয়োখন ৰাজ্যৰ পাঁচখন নাৱৰ মাজত অনুষ্ঠিত হ’ব ছেমি ফাইনেল আৰু ফাইনেল প্ৰতিযোগিতা।

দেশৰ ৭৬ তম স্বাধীনতা দিৱস উপলক্ষে বিগত তিনিদিন ধৰি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অন্তৰ্গত মানকাচৰৰ অসম-মেঘালয়ৰ সীমান্তত চলি আছে নাও খেল প্ৰতিযোগিতা। বৃহস্পতিবাৰে বিয়লি চাৰি বজাত অসম আৰু মেঘালয়ৰ মুঠ পাঁচখন নাৱৰ মাজত ছেমি ফাইনেল আৰু ফাইনেল খেল অনুষ্ঠিত হ’ব। বুধবাৰে বিয়লি ভাগত মুঠ চাৰিখন নাৱৰ মাজত ছেমি ফাইনেল অনুষ্ঠিত হৈছিল।

লগতে পঢ়ক –  শ্ৰেণীকোঠাত বাধ্যতামূলক ভাৱে আঁৰিব লাগিব শিক্ষকৰ ফটো: ৰণোজ পেগু

বুধবাৰে তৃতীয় দিনাৰ নাও খেল প্ৰতিযোগীতাত ৰাজাবালা বিধায়ক আব্দুছ ছালে, শ্বেলশ্বেলা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু এম ডি চি ছফিয়ৰ ৰহমান উপস্থিত থাকি খেল উপভোগ কৰে। উল্লেখ্য যে বিগত ৭৬ বছৰ ধৰি এইদৰে অসম-মেঘালয় সীমান্তবৰ্তী মেঘালয়ৰ ভাইটবাৰীত স্বাধীনতা দিৱস উপলক্ষে নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহা পৰিলক্ষিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply