নিউজ ডেস্ক- অসম বিধানসভাৰ সচিবালয়ৰ সকলো কৰ্মচাৰীৰ বাবে এতিয়াৰে পৰা বাধ্যতামূলক বড়ো ভাষা। অসম বিধানসভাৰ প্ৰধান সচিবে জাৰি কৰিলে এই জাননী। সচিবালয়ৰ সকলো কৰ্মচাৰীয়ে এতিয়াৰে পৰা বড়ো ভাষা লিখিব আৰু শিকিব লাগিব।

উল্লেখ্য যে, বিধানসভা সচিবালয়ত বড়ো ভাষাত কাম-কাজ চলাবৰ বাবে এক বড়ো শাখা আছে। তৎসত্ত্বেও সচিবালয়ত কৰ্মৰত আটাইবোৰ বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত বড়ো ভাষা লিখা-পঢ়া বাধ্যতামূলক কৰাক লৈ সচিবালয়ৰ একাংশ বিষয়া-কৰ্মচাৰী ক্ষুব্ধ হৈ পৰিছে।

বড়ো জনগোষ্ঠীপ্রধান বি টি এডি এলেকাত বড়ো ভাষা জনাটো আৱশ্যক হ’লেও বিধানসভা সচিবালয়ৰ বাবে সেয়া অপৰিহাৰ্য নহয়। সেই ভাষাৰ কাম-কাজৰ বাবে নিৰ্দিষ্ট এটা শাখাই আছে। তেনেস্থলত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী নিজে বড়ো জনগোষ্ঠীৰ হোৱা বাবেই সচিবালয়ৰ অন্যান্য বিষয়া-কৰ্মচাৰীকো বড়ো ভাষা শিকাৰ ওপৰত অগ্ৰাধিকাৰ দিয়া বুলি চৰ্চা হৈছে।

তথ্য অনুসৰি, বড়ো ভাষাৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া পৰ্যায়ক্রমে সকলো বিষয়া-কৰ্মচাৰীক বিধানসভা সচিবালয়ৰ তৰফৰ পৰাই কৰোৱা হ’ব। ইয়াৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ কাৰ্যসূচী মুকলি হ’ব অহা ১ জুনত আৰু ইয়াৰ উদ্বোধন কৰিব অধ্যক্ষগৰাকীয়ে। আনহাতে, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰা বিষয়ালৈকে সকলোৱে এই প্ৰশিক্ষণত অংশ গ্ৰহণ কৰিব লাগিব। প্রথম পর্যায়ৰ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰা হৈছে বিষয়াৰ আবাসৰ প্ৰেক্ষাগৃহ আৰু জি এন ভি ভৱন। উল্লেখ্য যে প্ৰতি সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে কাৰ্যালয় ছুটীৰ পিচত দুটা ভাগত এই প্রশিক্ষণ প্ৰদান কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply