নিউজ ডেস্ক: বড়োলেণ্ড বিশ্ববিদ্যালয়ে গ্ৰহন কৰিছে এক সিদ্ধান্ত । এতিয়াৰে পৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয় সমুহত শিক্ষাৰ্থীয়ে স্নাতকৰ গুৰু বিষয়ৰ পৰীক্ষাত লিখিব লাগিব ইংৰাজী ভাষাত । বিশ্ববিদ্যালয়খনৰ পৰা বিতাৰিত কৰা হ’ল অসমীয়া ভাষা ।
২৮ মাৰ্চত বিশ্ববিদ্যালয়খনত অনুষ্ঠিত হোৱা শৈক্ষিক পৰিষদৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই সিদ্ধান্তত অনুমোদন জনাইছিল বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে । সেই অনুসৰিয়েই এতিয়াৰে পৰা বিশ্ববিদ্যালয়খনৰ লগতে ইয়াৰ অধীনস্থ ৫৯ খন মহাবিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ গুৰু বিষয়কে ধৰি সকলো পাঠ্যক্ৰমৰ শিক্ষাৰ্থীয়ে কেৱল ইংৰাজী ভাষাতহে লিখিব পাৰিব ।
উল্লেখ্য যে শেহতীয়াকৈ অসমীয়া ভাষাৰ ওপৰত ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাতে এটাৰ পিচত আন এটা আক্ৰমণ চলি থকাৰ মাজতে এইবাৰ কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ে অসমীয়া ভাষা প্ৰত্যাহাৰ কৰি নিজ ৰাজ্যখনতে গুৰুত্বহীন কৰিলে অসমীয়া ভাষাক । কেৱল এম আই এলৰ (Mil) ক্ষেত্ৰতহে এই নতুন নির্দেশনা কাৰ্যকৰী নহ’ব ।