দেওবাৰে ব্ৰহ্মপুত্ৰত নদীৰ পৰা এজন চোৰাংচিকাৰীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড়ঁৰ খৰ্গ কাটি দিয়াৰ অভিযোগত আৰক্ষীৰ জিম্মাৰ পৰা পলায় যোৱা সন্দেহযুক্ত চোৰাংচিকাৰীজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

জানিব পৰা মতে, চোৰাংচিকাৰীজন ছাইদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। তেওঁ নগাঁও জিলাৰ লাহৰীঘাটৰ বাসিন্দা আছিল।

তথ্য অনুসৰি, অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে নগাঁওত চোৰাংচিকাৰীৰ বিৰুদ্ধে চলোৱা এক অভিযানত ছাইদুল ইছলামক আটক কৰিছিল। আৰক্ষীয়ে ছাইদুল ইছলামৰ পৰা ৭৫০ গ্ৰাম ওজনৰ এটা খৰ্গও জব্দ কৰে।

ইতিমধ্যে আৰক্ষীয়ে ছাইদুল ইছলামৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।    

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply