নিউজ ডেস্ক: মাৰ্ঘেৰিটাত সংঘটিত হৈছে এক জঘন্য ঘটনা। ধৰ্ষণ কৰি হত্যা কৰা হ’ল এগৰাকী ১২ বছৰীয়া কিশোৰীক । জানিব পৰা মতে ১ মে’ ৰ পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰীগৰাকী।

উল্লেখ্য যে, ১ মে’ ৰ নিশা মাৰ্ঘেৰিটা ৰংগমঞ্চত অনুষ্ঠিত হোৱা বিহু উৎসৱ চাই পুৱতি নিশা কিশোৰীগৰাকীৰ লগতে মাতৃগৰাকীয়ে ঘৰৰ ওচৰতে থকা আনন তাঁতীৰ নামৰ ব্যক্তিজনৰ ঘৰত থাকে। যিহেতু পূৰ্বৰ পৰাই কিশোৰীগৰাকীৰ পৰিয়ালৰ সৈতে চিনাকী আছিল অভিযুক্ত তাঁতীৰ পৰিয়ালটো। পুৱা কিশোৰীগৰাকী শুই থকা দেখি পলমকৈ ঘৰলৈ যাব বুলি ভাবি নিজ ঘৰলৈ গুচি যায় কিশোৰীগৰাকীৰ মাতৃ। তাৰ পাছৰ পৰাই কিশোৰীগৰাকী নিৰুদ্দেশ হৈ পৰে।

পিছত পৰিয়ালৰ লোকে কিশোৰীগৰাকী নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত ২ মে’ত মাৰ্ঘেৰিটা আৰক্ষী থানাত গোচৰ দাখিল কৰে। গোচৰ দাখিল কৰা পিছত আৰক্ষী জেৰাত আনন তাঁতীৰ পত্নীয়ে স্বামীয়ে কৰা সমগ্ৰ ঘটনা আৰক্ষীৰ আগত অৱগত কৰে। ইয়াৰ পাছতে বুধবাৰে বিয়লি আনন তাঁতীৰ ঘৰৰ শৌচাগাৰৰ টেংকিৰ পৰা পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা হয় নিৰুদ্দেশ হৈ থকা কিশোৰীগৰাকীৰ মৃতদেহ। কাপোৰেৰে টোপোলা কৰি সুমুৱাই ৰাখিছিল শৌচাগাৰৰ টেংকীত। তাৰ পাছতে আৰক্ষীয়ে মৃতদেহটো তিনিচুকীয়া অসামৰিক চিকিৎসালৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

সমান্তৰালভাৱে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ইতিমধ্য পলাতক হৈ আছে ঘটনাৰ মূল অভিযুক্ত আনন তাঁতী। ইফালে অভিয়ুক্ত আনন তাঁতীৰ সন্ধানত আৰক্ষীয়ে অভিয়ান অব্যাহত ৰাখিছে।

আনহাতে, দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত লিডু ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জলাই অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply