বোকাজান : বোকাজানত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে বোকাজানত। দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে।

কাৰ্বি আংলং জিলাৰ বোকাজানত পুনৰ জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। বোকাজান আৰক্ষীয়ে অভিযান চলাই এখন বাহনৰ পৰা জব্দ কৰে প্ৰায় ৮ কোটিৰ ড্ৰাগছ। ডিমাপুৰৰ পৰা এখন বাহনত আনিছিল ১ কেজি ড্ৰাগছ।

লগতে পঢ়ক – শনিবাৰে ৰাজ্যত ৫২০ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত

বাহনখনৰ চিটৰ তলত লুকুৱাই আনিছিল ড্ৰাগছখিনি। ডব্লিউবি-৭৪-পি-৪৪৫৬ নম্বৰৰ চুইফট বাহনত আনিছিল ড্ৰাগছখিনি। ৭৫ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল ড্ৰাগছখিনি। ড্ৰাগছৰ সৰবৰাহকাৰী চলমন থুৱেৰ আৰু চিমন থুৱেৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply