নিউজ ডেস্ক: বোকাখাত নগৰখনক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে বোকাখাত পৌৰসভাই দেওবাৰে “আৱৰ্জনা পৰিবাহক বাহন”ৰ শুভাৰম্ভণি কৰে। নগৰখনৰ পৰা আৱৰ্জনা তথা মল-মূত্ৰসমূহ পৰিবহণৰ বাবে নুমলীগড় শোধনাগাৰ লিমিটেডে আগবঢ়োৱা তিনিখনকৈ পৰিবাহক বাহন বোকাখাত বিধায়ক তথা অসম চৰকাৰ মাননীয় মন্ত্ৰী অতুল বৰাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি অতুল বৰাই কয় যে, কৰ্প’ৰেট সামাজিক দায়বদ্ধতা পুঁজিৰ অধীনত নুমলীগড় শোধনাগাৰ লিমিটেডে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে শোধনাগাৰ কৰ্তৃপক্ষক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ আন্তৰিক প্ৰচেষ্টাৰ শলাগ লৈছোঁ।

অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, নুমলীগড় শোধনাগাৰ লিমিটেডৰ মহাপ্ৰবন্ধক মিণ্টু সন্দিকৈ, বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতুশৰ্মা ৰাজখোৱা প্ৰমুখ্যে পৌৰসভাৰ পৌৰপ্ৰতিনিধিসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
লগতে পঢ়ক – নিৰ্মাণ হৈ থকা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ কামৰ বুজ ল’লে স্বাস্থ্য মন্ত্ৰীয়ে