নিউজ ডেস্ক: শ্বুটিঙৰ মাজতে আঘাতপ্ৰাপ্ত বলিউডৰ বাদশ্বাহ। লছ এঞ্জেলছত শ্বুটিং চলি থকাৰ মাজতে আঘাতপ্ৰাপ্ত হোৱা শ্বাহৰুখক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়।
প্ৰাপ্ত খৱৰ অনুসৰি, অভিনেতাজনৰ নাকত আঘাত পোৱাৰ বাবে প্ৰচুৰ পৰিমাণে তেজ নিৰ্গত হয় যাৰ বাবে তেওঁৰ অপাৰেশ্যন কৰিবলগীয়া হয়। চিকিৎসকে কয় যে, শ্বাহৰুখ খানে এই আঘাতৰ পৰা অতি সোনকালে আৰোগ্য লাভ কৰিব।
উল্লেখ্য যে, বাদশ্বাহ শ্বাহৰুখ খানৰ আগন্তুক ছবি জোৱান আৰু ডানকীক লৈ চৰ্চা অব্যাহত আছে। জোৱানত প্ৰথমবাৰৰ বাবে শ্বাহৰুখ খানে দক্ষিণৰ পৰিচালক এটলী কুমাৰৰ সৈতে কাম কৰিছে। ৭ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব কিং খানৰ ছবি জোৱান আৰু চলিত বৰ্ষৰ ডিচেম্বৰত ছবিগৃহলৈ আহিব ডানকী।