নিউজ ডেস্ক: এটাৰ পাছত আনটো হত্যাকাণ্ডই কঁপাইছে সমগ্ৰ দেশ তথা ৰাজ্য। বিগত বৰ্ষত প্ৰেমিকে হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰ কৰা শ্ৰদ্ধা ৱাকাৰৰ ঘটনাই সমগ্ৰ দেশ জোঁকাৰি গৈছিল। তাৰ কিছুদিন পিছতেই গুৱাহাটীৰ ডাবল মাৰ্ডাৰ কাণ্ডই কঁপাইছিল ৰাজ্য। বন্দনা কলিতাই স্বামী আৰু শাহুক হত্য‍া কৰি মৃতদেহৰ টুকুৰা চুবুৰীয়া ৰাজ্য শ্বিলঙত পেলাই দিয়া লোমহৰ্ষক কাৰ্যই সকলোকে শিহৰিত কৰিছিল।

এইবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে হায়দৰাবাদত। প্ৰেমিকে চুৰীৰে হানি খুচি প্ৰেমিকাক হত্যা কৰি টুকুৰা টুকুৰ কৰিলে মৃতদেহ।

উল্লেখ্য যে, মে’ মাহৰ ১৭ তাৰিখে হায়দৰাবাদৰ পৌৰ কৰ্মীয়ে আফজল নগৰ কমিউনিটি হলৰ সন্মুখত জাৱৰৰ মাজত এটি ছিন্নমস্তা বিচাৰি পাইছিল ক’লা পিলিথিনৰ ভিতৰত। তাৰ পাছতেই আৰক্ষীৰ প্ৰায় ৮টা দলে বিভিন্ন ধৰণে অনুসন্ধান চলাইছিল।

জানিব পৰা মতে, লিভ-ইনত থকা প্ৰেমিক চন্দ্ৰ মোহনৰ ওপৰত সন্দেহ ঘনীভূত হৈছিল আৰক্ষীৰ। ইতিমধ্যেই মৃতদেহটো ৱাই অনুৰাধা ৰেড্ডীৰ বুলি প্ৰমাণ হোৱাৰ পাছত তেখেতৰ প্ৰেমিক চন্দ্ৰ মোহনক জেৰা চলাইছিল আৰক্ষীয়ে। পৰৱৰ্তী সময়ত চন্দ্ৰ মোহনৰ বাসগৃহৰেই গ্ৰাউণ্ড ফ্লৰ’ত অনুৰাধাৰ দেহৰ আন এক অংশ উদ্ধাৰ কৰে আৰক্ষীয়ে।

প্ৰেমিক চন্দ্ৰ মোহনে আৰক্ষীক জনোৱা অনুসৰি, ২০১৮ চনতেই অনুৰাধাৰ পৰা ঋণত ৭ লাখ টকা লৈছিল চন্দ্ৰ মোহনে। পৰৱৰ্তী সময়ত টকা উভতাই বিচাৰি অনুৰাধাই তাগিদা দিয়াত খঙৰ ভমকত অনুৰাধাক হত্যা কৰে চন্দ্ৰ মোহনে।

কেৱল সেয়াই নহয় বৰং অনুৰাধাক হত্যা কৰাৰ পৰিকল্পনা পূৰ্বৰে পৰাই চলাই আহিছিল চন্দ্ৰ মোহনে। যাৰ বাবে দুটাকৈ শিল কটা মেছিনো যোগাৰ কৰি থৈছিল পাষানৰূপী প্ৰেমিকগৰাকীয়ে। ১২ মে’ত অনুৰাধাক চুৰীৰে হানি খুচি হত্যা কৰাৰ পিছত মেছিন দুটাৰ সহায়েৰে মৃতদেহ কাটি টুকুৰা টুকুৰ কৰিছিল চন্দ্ৰ মোহনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply