নিউজ ডেস্ক: নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । যাৰ ফলত অনিদিষ্ট দিনৰ বাবে বন্ধ কৰিবলগীয়া হৈছে নিমাতী ফেৰী সেৱা । বন্ধ কৰি দিয়া হৈছে কমলাবাৰী-নিমাতী ফেৰী সেৱা ।

যাত্ৰীৰ নিৰাপত্তা আৰু ফেৰী ঘাটত ৰেম্প ডুব যোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহন কৰে আভ্যন্তৰীণ জল পৰিবহন বিভাগে । ব্ৰহ্মপুত্ৰৰ জলস্তৰ হাস নোপোৱা পৰ্যন্ত বন্ধ থাকিব ফেৰী।
উল্লেখ্য যে সোমবাৰৰ পৰা সীমিতভাৱে আৰম্ভ কৰা হৈছিল নিমাতী ফেৰী সেৱা ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ আৰম্ভ কৰা হৈছিল ফেৰী সেৱা । কিন্তু ক্ৰমাৎ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত বন্ধ কৰি দিয়া হৈছে ফেৰী সেৱা ।