“যুঁজিবলৈকে আমাৰ জন্ম”- ক্ৰোৱেচিয়াৰ গ’লকীপাৰ নায়ক ডমিনিক লিভাকোভিচে কোৱা কথাষাৰেই ব্ৰাজিলৰ বিৰুদ্ধে তেওঁলোকৰ জয়ৰ নেপথ্যৰ ৰহস্য ৷ সমগ্ৰ ১২০ মিনিট ছাম্বা আক্ৰমণ ভেটি, এবাৰ গ’লত পিছ পৰি সমতা স্থাপন, তাৰ পাছত টাইব্ৰেকাৰত জয়- এয়া যুঁজাৰুৰ বাদে আনে পাৰে জানো? ক্ৰোৱেচিয়াৰ সামগ্ৰিক ইতিহাসে ইয়াৰ ৩৯ লাখ লোকক যুঁজিব শিকাইছে ৷ আৰু সেই গণসাহসেই লিভাকোভিচ, মড্ৰিচ অথবা ব্ৰ’জ’ভিচক পৰাজয়ৰ মুখৰপৰা জয় কাঢ়ি আনিবলৈ দিছে অপৰিসীম তাগিদা ৷ তাতে আছিল বুদ্ধিদীপ্ত প্ৰশিক্ষক লাটকো ডেলিচৰ ব্ৰাজিলক লৈ থকা একক ৰণনীতি ৷

ডেলিচে আগতেই কৈছিল বল দখলত ৰাখিব জনা দলৰ বিৰুদ্ধে ব্ৰাজিলে সংগ্ৰাম কৰিব ৷ ক্ৰোৱেচিয়াৰ শক্তি হৈ মিডফিল্ড ৷ ডেলিচৰ মতে লুকা মড্ৰিচ, মাৰ্চেলো ব্ৰ’জ’ভিচ আৰু মেটিঅ’ কোভেচিচ হৈছে বিশ্বশ্ৰেষ্ঠ মিডফিল্ড ৷ এই মিডফিল্ড অধিক শক্তিশালী কৰিবলৈ তেওঁ আৰু এজন মিডফিল্ডাৰ সময়ে সময়ে উইঙৰপৰা নামি আহিবলৈ নিয়োগ কৰিছিল- মাৰিঅ’ পাছালিচ ৷ সেইবাবেই ব্ৰাজিলৰ দৰে কাৰিকৰীভাৱে অতি উচ্চমানৰ দলৰ বিৰুদ্ধেও ডেলিচে আক্ৰমণাত্মক ৪-৩-৩ ফৰ্মেচন লোৱাৰ সাহস কৰিছিল ৷ ইয়াৰ উদ্দেশ্য আছিল বল দখলত ৰাখি আক্ৰমণ কৰা ৷ ইয়াৰ বিপৰীতে ব্ৰাজিলৰ প্ৰশিক্ষক টাইটে নিজৰ আগৰ ফৰ্মেচন অক্ষুণ্ণ ৰাখিছিল ৷ ৪-২-৩-১ ৷ আক্ৰমণত ৰাফিনহা আৰু ভিনিছিয়াছ দুয়োফালে ৷ ৰিচালিছন আগত আৰু নেইমাৰ তেওঁলোকৰ ঠিক পিছফালে আক্ৰমণ সজোৱাৰ বাবে ৷ ফলত ব্ৰাজিলৰ মিডফিল্ডত কেৱল আছিল কাছিমিৰো আৰু লুকাছ পাকেটা ।

মিডফিল্ড অৱধাৰিতভাৱে ম’ড্ৰিচ বাহিনীয়ে দখল কৰি লৈছিল ৷ বেছি বল দখলত ৰাখিছিল আৰু খেলৰ গতি ধীৰ কৰি পেলাইছিল যাতে ৩০ৰ ঊৰ্দ্ধৰ ম’ড্ৰিচ বা ব্ৰ’জ’ভিচে সম্ভাব্য অতিৰিক্ত সময়লৈ সুন্দৰকৈ দলক টানিব পাৰে ৷ যেতিয়া ব্ৰাজিলে বল পাইছিল তেতিয়াই সংঘবদ্ধ প্ৰেছিঙৰ সলনি ব্যক্তিগত প্ৰতিভাৰ বাবে যেন এৰি দিয়া হৈছিল আক্ৰমণ ৷ এই পদ্ধতিয়ে আন দলৰ লগত কাম দিলেও ক্ৰোৱেচিয়াৰ দৃঢ় দেৱাল ভঙাটো সম্ভৱ নাছিল ৷ ক্ৰোৱেচিয়াৰ দীঘলীয়া বল দখলে ব্ৰাজিলৰ আক্ৰমণ ছেগাচোৰোকা কৰি পেলাইছিল। নেইমাৰ অদৃশ্য হৈ পৰিছিল ৷ ভিনিছিয়াছ বা ৰাফিনহাৰ আক্ৰমণত নাছিল জোৰ । এনে পৰিস্থিতিত ব্ৰাজিলক লাগিছিল পৰিস্থিতি সাপেক্ষ ৰণকৌশল বা ছাবষ্টিটিউচন ৷ ৰাফিনহা, ভিনিছিয়াছ আৰু ৰিচালিছনক আঁতৰাই অনা হৈছিল এন্টনী, ৰড্ৰিগো আৰু পেড্ৰ’ক ৷ তেনেকৈ অতিৰিক্ত সময়লৈ খেলখন গৈছিল আৰু নেইমাৰে ক্ৰোৱেচিয়াৰ ভাগৰুৱা ৰক্ষণ ফালি ৰড্ৰিগো আৰু পাকেটাৰে ৱান টু পাছ খেলি এটা চমৎকাৰ গ’লেৰে ব্ৰাজিলক অগ্ৰগতি দিছিল ৷ হয়তো ব্ৰাজিলৰ সমৰ্থকসকলে ভাবিছিল- এয়াই এখন কঠিন মেচৰ সফল সমাপ্তি ৷
কিন্তু য’ত ক্ৰোৱেচিয়া আছে তাত তিনিবাৰ ফাইনেল হুইচেল নবজালৈ খেল শেষ নহয় ৷ আৰু সেয়াই হ’ল- অতিৰিক্ত সময় শেষ হ’বলৈ তিনি মিনিট থাকোতে ডিফেণ্ডাৰ জ’স্ক’ ভাৰ্ডিয়লৰ এটা টেক্লৰ সুবাদত ক্ৰোৱেচিয়াই প্ৰত্যাক্ৰমণ কৰে আৰু শেষত ছাবষ্টিটিউট ব্ৰনো পেটক’ভিচে বাঁও ভৰিৰে ব্ৰাজিলৰ গ’লকীপাৰ এলিছনক পৰাস্ত কৰি সমতা স্থাপন কৰে ৷ তাৰ পাছত আহে টাইব্ৰেকাৰ য’ত ক্ৰোৱেচিয়া একপ্ৰকাৰ অবিসম্বাদী ৷ সেয়া আমি ২০১৮ৰ বিশ্বকাপত দেখিছোঁ ৷

বোধকৰো জয়ী হোৱা খেল এখন নিৰ্ধাৰিত সময়ত নিজৰ পক্ষে আনিব নোৱৰা আৰু ক্ৰোৱেচিয়াৰ টাইব্ৰেকাৰৰ ইতিহাসে ব্ৰাজিলক শ্বট লোৱাৰ পূৰ্বেই ভাৰাক্ৰান্ত কৰিছিল ৷ টাইব্ৰেকাৰ সদায়ে স্নায়ুযুঁজ ৷ যদি ইয়াত একাগ্ৰতা ভংগ হয় বিপদ নিশ্চিত ৷ সেয়া স্পষ্ট আছিল ব্ৰাজিলৰ হৈ প্ৰথম শ্বট ল’বলৈ অহা ৰড্ৰিগোৰ মুখমণ্ডলত ৷ দলৰ শ্ৰেষ্ঠতম আৰু সবাতোকৈ অভিজ্ঞ ষ্ট্ৰাইকাৰ নেইমাৰৰ সলনি অনভিজ্ঞ ৰড্ৰিগোক কিয় প্ৰথমটো শ্বট ল’বলৈ কোৱা হ’ল সেয়া দুৰ্বোধ্য ৷ তেওঁৰ শ্বট লিভাকোভিচে ব্যৰ্থ কৰাৰ পাছতে ব্ৰাজিলৰ পতন নিশ্চিত হৈছিল ৷ ইয়াৰ বিপৰীতে ক্ৰোৱেচিয়াৰ প্ৰতিজন শ্বট লওঁতাৰ দেহৰ ভাষা আছিল সবল৷
গ’লকীপাৰ লিভাকোভিচ নায়ক। আৰু স্নায়ুচাপত বিব্ৰত হৈয়েই টপ ফেভৰেট ব্ৰাজিলে বিদায় ল’ব লগা হ’ল ৷ নেইমাৰে পেনাল্টী ল’বলৈকে নাপালে ৷ খেলৰ শেষত ক্ৰোৱেচিয়াৰ প্ৰশিক্ষক ডেলিচেও আশ্চৰ্য প্ৰকাশ কৰি কৈছে নেইমাৰক তেওঁ আগতেই পেনাল্টী ল’বলৈ ক’লেহেতেঁন । হয়তো টাইটৰ অংক বেলেগ আছিল ৷ হয়তো ভাবিছিল শেহৰ পেনাল্টী বেছি গুৰুত্বপূৰ্ণ হ’ব ৷ কিন্তু ফুটবলত পূৰ্বানুমানৰ কোনো নিশ্চয়তা নাই ৷ হয়তো এতিয়া আজৰি পৰত টাইটে নিজৰ ৰণকৌশলগত ভুলৰ বিশ্লেষণ কৰিবলৈ সময় পাব ৷ ইয়াৰ বিপৰীতে আকৌ এবাৰ ক্ৰোৱেচিয়াই নিজৰ শক্তিশালী মিডফিল্ড আৰু ৰুক্ষ কৌশলেৰে ছেমিফাইনেল খেলিব ৷ তাতোকৈ গুৰুত্বপূৰ্ণ হ’ল, নিজতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বীক তেওঁলোকে চিন্তা আৰু ইচ্ছাশক্তিৰ ক্ষেত্ৰতো পৰাস্ত কৰিবলৈ সক্ষম হ’ল ৷