নিউজ ডেস্ক : বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ এজন বিএছএফৰ জালত। সীমা অতিক্ৰম কৰা অপৰাধ আৰু নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযানত আন এক সফলতা লাভ কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে। ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিষিদ্ধ য়াবা টেবলেটৰ সৈতে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে বিএছএফে।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বুধবাৰে নিশা বিএছএফ দল এটাই পশ্চিম বংগৰ কুচবিহাৰত ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী সুকাৰুৰকুঠিৰ গাঁৱৰ ওচৰত ৫,৬০০ নিচাযুক্ত য়াবা টেবলেটসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। জব্দকৃত টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ২৮ লাখ টকা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক –  নগাঁৱৰ ব্যক্তিগত নাৰ্ছিং হোমত ১৪ দিনত দুবাৰকৈ ভুল চিকিৎসাৰ বলি কিশোৰ

আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীজনৰ লগতে জব্দ কৰা নিচাযুক্ত টেবলেটখিনি বিএছএফে আৰক্ষীক সমজাই দিয়ে। সীমান্তত ড্ৰাগছ সৰবৰাহকাৰী আৰু অন্যান্য অপৰাধমূলক ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে নিয়োজিৰ বিএছএফে ইয়াৰ পূৰ্বেও নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই কেইবাটাও সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply