নতুন সংসদ ভৱনত অনুষ্ঠিত হ’ব সংসদৰ বাজেট অধিৱেশন! ৩১ জানুৱাৰীৰ পৰা  অনুষ্ঠিত হ’ব বাজেট অধিৱেশন। অৱশ্যে এই বিষয়ে এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

জানিব পৰা মতে, ৩১ জনুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া বাজেট অধিৱেশন ৬ এপ্ৰিল পৰ্যন্ত চলিব। মাজত কিছু দিনৰ বাবে স্থগিত থাকিব এই অধিৱেশন।

সংসদৰ কেন্দ্ৰীয় হলত লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত প্ৰথম বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে ভাষণ প্ৰদান কৰি দ্ৰৌপদী মুৰ্মুৱে। প্ৰকাশিত খবৰ অনুসৰি বাজেট অধিৱেশনৰ প্ৰথমটো দিনত অৰ্থনৈতিক সমীক্ষা উত্থাপন কৰা হ’ব।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত সংসদত কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। আনহাতে বাজেট অধিৱেশনৰ প্ৰথম অংশ ৩১ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ চলিব। আনহাতে দ্বিতীয় অংশ অনুষ্ঠিত হ’ব ৬ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ।

প্ৰকাশ পোৱা খৱৰ অনুসৰি, সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম অংশ বৰ্তমানৰ পুৰণি সাংসদ ভৱনত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় অংশ নৱ নিৰ্মিত সাংসদ ভৱনত অনুষ্ঠিত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply