ডিব্ৰুগড় : বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ ঘটনাৰ লগত জড়িত দুই অভিযুক্ত ঘৰত চলিল বুলড’জাৰ। মঙলবাৰে পুৱাৰ ভাগত ডিব্ৰুগড় আৰক্ষীয়ে দুই অভিযুক্ত বৈদুল্লা খান আৰু চামচুল্লা খানৰ ঘৰত বুলড’জাৰ চলায়। আৰক্ষীৰ জিম্মাত থকা অভিযুক্ত দুনজৰ পকী ঘৰ বুলড’জাৰ লগাই ভাঙি পেলায় আৰক্ষীয়ে।
ডিব্ৰুগড়ৰ বিনীত বাগাৰীয়া নামৰ এজন পশু প্ৰেমী যুৱকৰ আত্মহত্যাৰ ঘটনাই ৰাজ্যজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। কেইজনমান যুৱকৰ নিৰ্যাতনৰ বাবেই যুৱকজনে আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছিল। ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীত বিনীত বাগাৰীয়াৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে তদন্তত গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছিল।
ঘটনাৰ তদন্তৰ দাবীত ডিব্ৰুগড়ত স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত আৰক্ষীয়ে তিনিজনকৈ অভিযুক্তক আটক।কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও বিনীত বাগাৰিয়াৰ ঘটনাৰ তদন্তত আৰক্ষীৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰিছিল। উল্লেখ্য যে বিনীতা বাগৰীয়াৰ আত্মহত্যাৰ লগত জড়িত তিনি অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও এজন পলাতক অৱস্থাত আছে।