নিউজ ডেস্ক: মঙলবাৰে জম্মুত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। অমৃতসৰৰ পৰা কাটৰালৈ যোৱা এখন বাছ গভীৰ খাৱৈত বাগৰি পৰি ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জন যাত্ৰী আহত হয়।
আহতসকলক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। SDRF আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়।
উদ্ধাৰ অভিযানত নিয়োজিত CRPF বিষয়া অশোক চৌধাৰীয়ে জনায় যে পুৱা দুৰ্ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ লগে লগে CRPF বাহিনীৰ এটা দল তাত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
জানিব পৰা মতে, বাছখন কাটৰালৈ গৈ থকা অৱস্থাত ঝজ্জাৰ কোটলি অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। বাছখনত থকা যাত্ৰীসকল বৈষ্ণো দেৱী মন্দিৰলৈ গৈ আছিল।