কলিয়াবৰ – কলিয়াবৰৰ জখলাবন্ধাত কালি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয় আনুষ্ঠানিকভাৱে মুকলি কৰে৷ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত নৱনিৰ্মিত চিকিৎসালয়খন বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে৷
এই উদ্দেশ্যে অনুষ্ঠিত উদ্বোধনী বিশাল সভাখনত ভাষণ দি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়, ‘এই চিকিৎসালয়খনকে শীঘ্ৰে দুশখন বিছনাৰে জিলা চিকিৎসালয়লৈ উন্নীত কৰাৰ আঁচনি লৈছোঁ৷ মা কামাখ্যাই কৰিলে কলিয়াবৰত এখন মেডিকেল কলেজো এদিন হ’ব।”
তেওঁ লগতে কয় যে অসমত তিনিখন মেডিকেল কলেজৰ পৰা এতিয়া নখনলৈ বৃদ্ধি পালে৷ অহা বছৰত অসমত আৰু তিনিখন মেডিকেল কলেজ স্থাপন কৰাৰ কথা চিন্তা কৰা হ’ব৷ চলিত কাৰ্যকালৰ ভিতৰত অৰ্থাৎ ২০২৬ চনৰ ভিতৰত অসমত সৰ্বমুঠ ১৬খন মেডিকেল কলেজ কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে৷

২০৩০ চনৰ ভিতৰত ২৪খন মেডিকেল কলেজ নিৰ্মাণ কৰাৰ পৰিকল্পনা আছে চৰকাৰৰ৷ পূৰ্বতে অসমত মাত্ৰ এখন কেন্ছাৰ হস্পিটেল আছিল বুলি উল্লেখ কৰে।
এতিয়া সৰ্বমুঠ নখন কেন্ছাৰ হস্পিটেল হ’লগৈ৷ এই বিত্তীয় বৰ্ষৰ ভিতৰত আৰু তিনিখন কেন্ছাৰ হস্পিটেল নিৰ্মাণৰ কাম হাত লৈছোঁ৷’ অহা তিনিটা বছৰৰ ভিতৰত মুঠ ১৮খন কেন্ছাৰ হস্পিটেল নিৰ্মাণ কৰিব খোজা বুলিও তেওঁ লগতে ভাষণত মন্তব্য কৰে৷ ২০০৬ চনত মই যেতিয়া প্ৰথম স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ তেতিয়া অসমত হস্পিটেলৰ সংখ্যা আছিল মাত্ৰ ছয়শখন৷

এতিয়া অসমত হস্পিটেলৰ সংখ্যা দুহেজাৰখনলৈ বৃদ্ধি পাইছে৷ অসমত এতিয়া চিকিৎসালয় হ’ল, সকলো হ’ল কিন্তু এতিয়া লাগে চিকিৎসকসকলে হস্পিটেলত নিৰন্তৰ কাম কৰক৷