নিউজ ডেস্ক: আজি গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় G20ৰ অধীনত C20 সন্মিলন। গুৱাহাটীৰ নেডফি হাউছত অনুষ্ঠিত হোৱা ৰাজ্যিক C-20 সন্মিলনৰ উদ্ধোধনী অনুষ্ঠানত দেশৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই অহা কেইবাগৰাকী বিশিষ্টলোক উপস্থিত থাকে।
মন কৰিবলগীয়া যে, C – 20 India 2023 হৈছে G-20 ৰ চৰকাৰী ভাৱে নিয়োজিত এক সংস্থা। যিয়ে G-20 ৰ বিশ্ব নেতা সকলক জনসাধাৰণৰ আশা আকাংক্ষা সমূহ অৱগত কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰি আহিছে ।
আজি উক্ত সন্মিলনখনত ধৰ্ম, কলা-সংস্কৃতি, শিক্ষা আৰু বাণিজ্য-উদ্যোগ বিষয়ত আলোচনা হয়। আলোচনা চক্ৰখনিত অসমৰ হৈ কেবিনেট মন্ত্ৰী বিমল বড়া, প্ৰাক্তন DGP কুলধৰ শইকীয়া, সদ্য অৱসৰপ্ৰাপ্ত DGP ভাস্কৰজ্যোতি মহন্তৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, চিন্ময় মিছনৰ অধীনত দেশজুৰি অনুষ্ঠিত হোৱা C-20 সন্মিলনৰ অংশ হিচাপে ভাৰত চৰকাৰে ১৪টা ৱৰ্কিং গ্রুপ গঠন কৰি দিছে। যিয়ে সমগ্ৰ বিশ্বৰ দৈনন্দিন জীৱনৰ আৰ্থ- সামাজিক বিষয় সমূহৰ ওপৰত আলোকপাত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। C – 20 সন্মিলনে নীতি নির্দেশনা প্রস্তুত কৰি কাৰ্যকৰী কৰণৰ বাবে মূল সংস্থা G -২০ লৈ প্ৰেৰণ কৰিব ।

উত্তৰ পূবৰ অসম, ত্ৰিপুৰা, মণিপুৰ, ছিকিম, নগালেণ্ডকে ধৰি মুঠ ১২ টা স্থানত C-20 ৰ ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰা হ’ব। ইয়াৰ পিছত তামিলনাডুৰ মহাবলিপুৰমত ২৭ আৰু ২৮ মেত C-20 আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ’ব ।
লগতে পঢ়ক – বহুবিবাহ ৰোধৰ বাবে ৪ জনীয়া বিশেষজ্ঞ সমিতি গঠন