নিউজ ডেস্ক– প্ৰধানমন্ত্ৰীন নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ সভাত স্বাস্থ্য গৱেষণা বিভাগ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মাজত প্ৰকল্প সহযোগিতা চুক্তি স্বাক্ষৰ কৰাৰ বিষয়ে অৱগত কৰা হয়।  যাৰ জৰিয়তে মুখ্যতঃ গৱেষণা, উদ্ভাৱন আৰু ক্ষমতা নিৰ্মাণৰ জৰিয়তে উচ্চ মানদণ্ডৰ সুলভ সহায়ক প্ৰযুক্তিৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰা হয়।

লগতে, প্ৰকল্প সহযোগিতা চুক্তি বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা ১০.১০.২০২২ তাৰিখে আৰু ১৮.১০.২০২২ তাৰিখে স্বাস্থ্য গৱেষণা বিভাগৰ দ্বাৰা স্বাক্ষৰিত হৈছিল।

এই সহযোগিতাৰ লক্ষ্য হৈছে সহায়ক প্ৰযুক্তিৰ সুবিধাৰ দিশত বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা, গৱেষণা আৰু উদ্ভাৱন বৃদ্ধি কৰা আৰু উপযুক্ত প্ৰশিক্ষণ কাৰ্যসূচী বিকশিত আৰু প্ৰচাৰ কৰা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply