নিউজ ডেস্ক: বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ৰবি শস্যৰ নূন্যতম বৰ্ধিত মূল্যৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰা হয়। কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত অনুসৰি ২০২৩-২৪ বৰ্ষৰ বাবে ৰবিশস্যৰ এমএছপি কেইবাগুণো বৃদ্ধি কৰা হৈছে। তথ্য মতে, ধান (সাধাৰণ)ৰ এমএছপি ২,০৪০ টকাৰ পৰা ২,১৮৩ টকালৈ বৃদ্ধি কৰা হৈছে।

ধান গ্রেড ১ৰ এমএছপি ২,০৬০ টকাৰ পৰা ২,২০৩ টকালৈ বৃদ্ধি কৰা হৈছে। তেনেদৰে জোৱাৰ হাইব্রীডৰ এমএছপি ২,৯৭০ৰ পৰা ৩,১৮০ টকালৈ, বজ্ৰাৰ ২,৩৫০ টকাৰ পৰা ২,৫০০ টকালৈ, ৰাগীৰ ৩,৫৭৮ টকাৰ পৰা ৩,৮৪৬ টকালৈ, মাকৈৰ ১,৯৬২ৰ পৰা ২,০৯০ টকালৈ, ৰহৰ ৬,৬০০ৰ পৰা ৭,০০০ টকালৈ, মুগৰ ৭,৭৫৫ৰ পৰা ৮,৫৫৮ টকালৈ, সূর্যমুখী বীজৰ ৬,৪০০ টকাৰ পৰা ৬,৭৬০ টকালৈ, চয়াবিন (হালধীয়া)ৰ ৪,৩০০ টকাৰ পৰা ৪,৬০০ টকালৈ বৃদ্ধি কৰাৰ লগতে আন কেইবাবিধো ৰবিশস্যৰ এমএছপি মূল্য বৃদ্ধি কৰা হৈছে।

উল্লেখ্য যে কেন্দ্রীয় কেবিনেটে ২০১৮-১৯ চনৰ ঘোষিত এমএছপিৰ তুলনাত আজি ২০২৩-২৪ বৰ্ষৰ বাবে ৰবিশস্যৰ এমএছপি অতি কমেও ডেৰ গুণকৈ বৃদ্ধি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply