নিউজে ডেস্কঃ অসম চৰকাৰৰ অধীনস্থ চৰকাৰী কৰ্মচাৰী বাবে বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট লৈছে এক নতুন সিদ্ধান্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত প্ৰত্যেক চৰকাৰী কৰ্মচাৰীয়ে এতিয়াৰে পৰা ৩ বছৰৰ পৰা ৫ বছৰৰ বাবে অসমৰ কোনো দুৰ্গম স্থান চাকৰি কৰি সেৱা প্ৰদান কৰিব লাগিব সিদ্ধান্ত লোৱা হয়।
সংবাদ অনুষ্ঠিত কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত জনাই যে, ৰাজ্যখনৰ যিসমূহ ঠাইত বহু চাকৰীয়ালে যাবলৈ ইচ্ছা নকৰাৰ বাবে তাত ৰাইজে সেৱা নাপায় যাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। লগতে, স্বাস্থ্য মন্ত্ৰী কয়, ইয়াৰ কাৰ্যকাৰীকৰণ বাবে কেবিনেটে ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেম কৰা হৈছে।
উক্ত আঁচনি তথা আইন খনৰ নাম দিয়া হৈছে সুগমৰ পৰা দুৰ্গম। লগতে, কেবিনেটে চাহ বাগিছা অধ্যুষিত অঞ্চলৰ বিদ্যালয়ৰ প্ৰতিটি যোগ্য শিশুক মধ্যাহ্ন ভোজনৰ সৈতে সপ্তাহত ৩ টা কণী প্ৰদানৰ ব্যৱস্থা কৰিছে।
লগতে পঢ়ক – কেবিনেট সিদ্ধান্তঃ ৰাজ্যত পথৰ নতুন শ্ৰেণী বিভাজন কৰা হ’ব