নিউজ ডেস্কঃ অসমত সুচল যাতায়ত ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। বৈঠকত দীৰ্ঘম্যাদী সংযোগৰ প্ৰয়োজনীয়তাৰ বাবে অসম ৰোড নেটৱৰ্ক প্লেন (আৰ এন এম পি) ২০২৩ গ্ৰহণ কৰা হয়। লগতে, ৰাজ্যত পথৰ নতুন শ্ৰেণী বিভাজন আৰু ৰাজ্যিক ঘাইপথ আৰু মুখ্য জিলা পথৰ অধিসূচনাত অনুমোদন জনোৱা হয়।

ইয়াৰোপৰি, ৫,১২০ কিল’মিটাৰ ৰাজ্যিক ঘাইপথ, ৬৩৮ কিল’মিটাৰ মুখ্য জিলা পথ আৰু ৪,৬৭৩ কিল’মিটাৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গঠিত উচ্চ পৰ্যায়ৰ পথ নেটৱৰ্কৰ বিকাশৰ বাবে ১৮,৪২১ কিল’মিটাৰ পথক অগ্ৰাধিকাৰ প্ৰদানেৰে পৰিবহণ তথা যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত ভৱিষ্যতৰ দাবী পূৰণৰ লক্ষ্যৰে মাল্টিমডেল পৰিবহণ পৰিকল্পনা ২০ বছৰৰ ম্যাদৰ সৈতে অসম ৰোড নেটৱৰ্ক মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হয়।

ইয়াৰ লগতে, পথসমূহ অগ্ৰাধিকাৰ ১, অগ্ৰাধিকাৰ ২ আৰু অগ্ৰাধিকাৰ ৩ হিচাপে নিৰ্ধাৰণ কৰি ৫ বছৰৰ হ্ৰস্বম্যাদী, ১০ বছৰৰ মধ্যম্যাদী আৰু ২০ বছৰৰ দীৰ্ঘম্যাদী সময়ৰ বাবে পৰ্যায়ক্ৰম কৰা হ’ব বুলি কেবিনেটে সিদ্ধান্ত লয়।

উল্লেখ্য যে, প্ৰস্তাৱিত পৰিকল্পনাই সুচল পৰিবহণৰ জৰিয়তে পথ ব্যৱহাৰকাৰীৰ ব্যয় হ্ৰাস কৰিব আৰু ৰাজ্যখনৰ বাবে অর্থনৈতিক প্রগতি সুনিশ্চিত কৰিব। তদুপৰি অহা ২০ বছৰত পথৰ কামৰ পৰা ১৩ লাখ পাৰ্ছন মান্থছৰ বাবে নিয়োগ সৃষ্টি কৰিব বুলি কেবিনেট বৈঠকৰ পিছত জানিব পৰা গৈছে।

লগতে পঢ়ক – বালাচোৰ ৰেল দুৰ্ঘটনা: ৭ জন বিষয়া নিলম্বিত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply