নিউজ ডেস্ক- আজিৰ কেবিনেটে স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। স্বাস্থ্য বিভাগতো থাকিব ছয় জনগোষ্ঠীৰ বাবে আসনৰ সংৰক্ষণ থাকিব। B.Sc নাৰ্চিং, ANM,GNM নাৰ্চিঘৰ বাবেও সংক্ষণৰ ব্যৱস্থা কৰা হৈছে।

B.Sc নাৰ্চিং স্কুলসমূহত টাই আহোম জনগোষ্ঠীৰ বাবে ১খন, চুতীয়া জনগোষ্ঠীৰ বাবে ১খন, মৰাণ জনগোষ্ঠীৰ বাবে ১খন, মটক জনগোষ্ঠীৰ বাবে ১খন, কোচ ৰাজবংশী জনগোষ্ঠীৰ বাবে ১খন আৰু চাহ জনগোষ্ঠীৰ বাবে ২খন আসন সংৰক্ষিত থাকিব।

ANM প্ৰশিক্ষণ বিদ্যালয়সমূহত টাই আহোম জনগোষ্ঠীৰ বাবে ৩খন, চুতীয়া জনগোষ্ঠীৰ বাবে ৩খন, মৰাণ জনগোষ্ঠীৰ বাবে ২খন, মটক জনগোষ্ঠীৰ বাবে ২খন, কোচ ৰাজবংশী জনগোষ্ঠীৰ বাবে ৪খন আৰু চাহ জনগোষ্ঠীৰ বাবে ৬খন আসন সংৰক্ষিত থাকিব।

GNM প্ৰশিক্ষণ বিদ্যালয়সমূহত টাই আহোম জনগোষ্ঠীৰ বাবে ১১খন, চুতীয়া জনগোষ্ঠীৰ বাবে ১১খন, মৰাণ জনগোষ্ঠীৰ বাবে ১০খন, মটক জনগোষ্ঠীৰ বাবে ১০খন, কোচ ৰাজবংশী জনগোষ্ঠীৰ বাবে ১৪খন আৰু চাহ জনগোষ্ঠীৰ বাবে ২০খন আসন সংৰক্ষিত থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply