গুৱাহাটী: কাছাৰৰ উপায়ুক্ত কীৰ্তি জলীৰ বদলি। কাছাৰৰ পৰা কামৰূপ গ্ৰাম্যলৈ অনা হ’ল কীৰ্তি জলীক। কাছাৰৰ পৰা বদলি হৈ কামৰূপ গ্ৰাম্যৰ উপায়ুক্ত হ’ল কীৰ্তি জলী। ৰাজ্যৰ কেইবাখনো জিলাৰ উপায়ুক্তক বদলি।
কাছাৰৰ ভয়ংকৰ বানপানীৰ সময়ৰ বোকাত খোজ কাঢ়ি বানাক্ৰান্তৰ অৱস্থাৰ বুজ লবলৈ যোৱা কাছাৰৰ উপায়ুক্ত কীৰ্তি জলীক বদলি কৰা হৈছে। কাছাৰৰ পৰা বদলি কৰি কীৰ্তি জলীক কামৰূপ গ্রাম্য জিলাৰ উপায়ুক্ত দায়িত্ব প্ৰদান কৰা হৈছে কীৰ্তি জলীক।
কাছাৰৰ উপায়ুক্তৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাৰ উপায়ুক্তক বদলি কৰা হৈছে। গোৱালপাৰাৰ উপায়ুক্ত মীনাক্ষি দাস নাথক গোৱালপাৰাৰ উপায়ুক্ত পদৰ পৰা বদলি কৰি সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক পদ প্ৰদান কৰা হৈছে। খনীন্দ্ৰ চৌধুৰীক গোৱালপাৰাৰ নতুন উপায়ুক্তৰ দায়িত্ব প্ৰদান কৰা হৈছে।
বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালক গৃহ আৰু ৰাজনীতি বিভাগৰ অতিৰিক্ত সচিবৰ পদত বদলি কৰা হৈছে। কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিক এনক পিএইচইৰ অতিৰিক্ত সচিবৰ দায়িত্ব প্ৰদান কৰা হৈছে। হাইলাকান্দিৰ উপায়ুক্ত ৰোহণ কুমাৰ ঝাক বদলি কৰা হৈছে কাছাৰৰ উপায়ুক্ত হিচাপে।
লগতে পঢ়ক – মালালা : তালিবানৰ গুলীত আহত হোৱাৰ পৰা নোবেল বঁটালৈ
নগাঁৱৰ উপায়ুক্তকো বদলি কৰা হৈছে। এইচ এন গৌতমক নগাঁৱৰ পৰা হাইলাকান্দিৰ উপায়ুক্ত পদত বদলি কৰা হৈছে। বাক্সাৰ উপায়ুক্ত আয়ুশ গাৰ্গক বৰপেটা আৰু চিৰাংৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক নগাঁৱৰ উপায়ুক্তৰ দায়িত্ব প্ৰদান কৰা হৈছে।