নিউজ ডেস্ক: ভাৰতত ভিছাৰ অপেক্ষাৰ সময়ৰ সমস্যা সমাধানৰ বাবে বাইডেন প্রশাসনক আহ্বান আমেৰিকাৰ সাংসদৰ। ভাৰতক এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে অভিহিত কৰি আমেৰিকাৰ সাংসদসকলে ভাৰতক অগ্ৰাধিকাৰ প্ৰদান কৰি এই সমস্যা সমাধানৰ আহ্বান জনায়।
জানিব পৰা মতে বিগত বৰ্ষত ভিছাৰ বাবে ভাৰতে বিশ্বজুৰি আটাইতকৈ দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া হৈছে। প্ৰথমবাৰৰ বাবে বি১-বি২ আবেদনকাৰীৰ বাবে ৪৫০ৰ পৰা ৬০০ দিনৰ ভিতৰত এপইণ্টমেণ্টৰ বাবে গড় অপেক্ষাৰ সময় আছে।
এই ক্ষেত্ৰত মুম্বাইত গড় অপেক্ষাৰ সময় আছিল ৫৮৭ দিন। চলিত মাহতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৫০ বিলিয়ন আমেৰিকান ডলাৰৰ অধিক বাণিজ্য ৰক্ষাৰ বাবে আমেৰিকা ভ্ৰমণ কৰিব।
কনচুলাৰ পৰিক্ৰমা বিভাগৰ সহকাৰী সচিব ৰেনা বিটাৰে এই সন্দৰ্ভত কয় যে ৰাজ্যিক বিভাগে এই ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰি আছে আৰু এই সমস্যাটো সমাধান কৰিবলৈ কেইবাটাও পদক্ষেপ হাতত লৈছে। বিটাৰে উল্লেখ কৰা মতে ভাৰত হৈছে এনে এখন ঠাই য’ত পূৰ্বৰে পৰা আমেৰিকাৰ ভিছাৰ যথেষ্ট চাহিদা আছে।
বিটাৰে লগতে কয় যে ভিছাৰ সময় প্রায় দুই-তৃতীয়াংশ হ্ৰাস কৰা হৈছে। ভাৰতীয় নাগৰিকসকলৰ বাবে নিযুক্তিও মুকলি কৰা হৈছে। অৱশ্যে মহামাৰীৰ সময়ত কৈ ভিছাৰ বাবে অপেক্ষাৰ সময় হ্ৰাস হৈছে। বিটাৰৰ মতে আমেৰিকা চৰকাৰে এই বছৰ ভাৰতত ১ মিলিয়ন ভিছাৰ ব্যৱস্থা কৰিব।