নিউজ ডেস্ক- মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীয়ে পৰৱৰ্তী পৰীক্ষা দিবলৈ পুনৰ দশম শ্ৰেণীত নামভৰ্তি কৰিব লাগিব। প্রাইভেট ব্যৱস্থাৰে এইবাৰৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব কোনো শিক্ষাৰ্থী। এই ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
উল্লেখ্য যে, নতুন শিক্ষানীতিৰ অনুসৰি ৰাজ্যত অহা বছৰৰ পৰা অন্য শ্ৰেণীৰ পৰীক্ষাৰ দৰেই হৈ পৰিব মেট্ৰিক পৰীক্ষা। সেইবাবে শিক্ষা বিভাগ আৰু ছেবাই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত ছেবাই সকলো শিক্ষানুষ্ঠান, শিক্ষক সংগঠন আৰু শিক্ষা বিভাগৰ সকলো কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰিছে।

ছেবাই এই জাননী উল্লেখ কৰিছে যে, দশম শ্ৰেণীৰ পৰীক্ষাত এইবাৰৰ পৰা ব্যৰ্থ হোৱা শিক্ষার্থীসকলে পৰৱৰ্তী বৰ্ষত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে দশম শ্ৰেণীত পুনৰ নামভৰ্তি কৰিব লাগিব। সকলো শিক্ষাৰ্থীয়ে নিয়মীয়াকৈ শ্ৰেণীকোঠাত উপস্থিত থকাটো বাধ্যতামূলক কৰা হৈছে। ইয়াৰ বিকল্প কোনো ব্যৱস্থা নাই বুলিও জাননীখনত স্পষ্টকৈ উল্লেখ আছে।

জানিব পৰা মতে, পুনৰ নামভৰ্তি কৰা শিক্ষাৰ্থীসকলকহে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি দিয়া হ’ব। পুনৰ নামভৰ্তি কৰাৰ ক্ষেত্ৰত একেখন বিদ্যালয়ত সমস্যা থাকিলে যিকোনো বিদ্যালয়ত পুনৰ নামভৰ্তি কৰিব পাৰিব বুলিও প্ৰকাশ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।
ইফালে পুনৰ নামভৰ্তি কৰিলেও শিক্ষাৰ্থীৰ পঞ্জীয়ন নম্বৰ সলনি নহ’ব। ইয়াৰ উপৰি শিক্ষাৰ্থীসকলক ঐচ্ছিক বিষয়টো সলনি কৰাৰ সুযোগো দিয়া হৈছে। অৱশ্যে এই কাম ছমহীয়া পৰীক্ষাৰ পূৰ্বে কৰিব পাৰিব কিন্তু ছমহীয়া পৰীক্ষাৰ পাছত এই সুযোগ পুনৰ দিয়া নহ’ব।

পুনৰ নামভৰ্তি কৰা শিক্ষাৰ্থীসকলক নিয়মীয়াকৈ শিক্ষাৰ্থীসকলৰ সমানেই সকলো সুবিধা স্কুল কৰ্তৃপক্ষই প্ৰদান কৰিব লাগিব। আনহাতে, ছমহীয়া পৰীক্ষাত অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীয়ে পৰৱৰ্তী মেট্ৰিক পৰীক্ষাত অবতীর্ণ হ’ব নোৱাৰিব বুলি ছেবাই স্পষ্টকৈ উল্লেখ কৰিছে।