নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গৃহ মন্ত্ৰালয়ে আজি এক ঐতিহাসিক সিদ্ধান্তত গ্ৰহণ কৰে। হিন্দী আৰু ইংৰাজীৰ উপৰিও মুঠ ১৩ টা আঞ্চলিক ভাষাত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)ৰ কনিষ্টবল পদৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰায়লে অনুমোদন জনাইছে।

চিএপিএফত স্থানীয় যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধি আৰু আঞ্চলিক ভাষাৰ প্ৰচাৰৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় তথা গৃহ মন্ত্ৰী অমিত শ্বাহৰ উদ্যোগত এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

হিন্দী আৰু ইংৰাজীৰ বাহিৰেও অসমীয়া, বাংলা, গুজৰাটি, মাৰাঠী, মালয়ালম, কানাড়া, তামিল, তেলেগু, ওড়িয়া, উৰ্দু, পাঞ্জাবি, মণিপুৰী আৰু কোঙ্কণী আদি ১৩ টা আঞ্চলিক ভাষাত প্ৰশ্নকাকত প্ৰস্তুত কৰা হ’ব।  

উল্লেখ্য যে, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)ৰ কনিষ্টবল পদৰ পৰীক্ষা কৰ্মচাৰী বাছনি আয়োগে অনুষ্ঠিত কৰা এক মুখ্য পৰীক্ষা। য’ত সমগ্ৰ দেশৰ পৰা লাখ লাখ প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে। হিন্দী আৰু ইংৰাজীৰ উপৰিও ১৩ টা আঞ্চলিক ভাষাত অনুষ্ঠিত কৰিবলগীয়া কনিষ্টবল পদৰ পৰীক্ষা ২০২৪ চনৰ ১ জানুৱাৰীত অনুষ্ঠিত কৰা হ’ব।

লগতে পঢ়ক – ইণ্ডিয়ান গ্ৰেণ্ড পিক্স ৪ ত দুটা স্বৰ্ণ অৰ্জন অম্লান বৰগোঁহাইৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply